...

অসম-বংগ সীমান্তৰ ছাগলীয়াত

Spread the love

অসম-বংগ সীমান্তৰ ছাগলীয়াত

চোৰাং গৰু ভৰ্তি বাহন জব্দ আৰক্ষীৰ

*চাইন অন ডেস্ক:*

যোৱা নিশা ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি এখন বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱাকালি ছাগলীয়াৰ আচাম মোৰত ছাগলীয়া আৰক্ষীৰ এটি দলে পশ্চিমবংগৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰেএখন আলুৰ বস্তাবাহী বলেৰো পিকআপ বেন আহি থকা দেখে। সন্দেহ ওপোজাত এএছ ১৭চি/৪৬৩৩ নম্বৰৰ সেই বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে। ইপিনে, আৰক্ষীৰ অহাৰ উমান পাই নিশাৰ এন্ধাৰৰ সুযোগ লৈ বাহনখনৰ চালক-হেণ্ডিমেন উধাও হয় যদিও তালাচীত আলুৰ বস্তাৰ তলত গৰু থকা বুলি উন্মোচিত হয়। আৰক্ষীৰ দলটোৱে বাহনখনৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা ১০টাকৈ গো-ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *