...
Spread the love

বন্ধ হল আকাশমাৰ্গ, বন্ধ হল বিমান সেৱা !

ইজৰাইল, ইৰাণ, জৰ্ডানৰ আকাশমাৰ্গ বন্ধ হৈ পৰিছে

ইজৰাইল-ইৰাণৰ মাজৰ যুদ্ধৰ ফলত বিশ্বৰ বিমান সেৱা ব্যাহত হৈছে

ইৰানে নিজ দেশৰ বিমান সেৱা বন্ধ কৰি দিছে

তেওঁলোকৰ আকাশমাৰ্গো বন্ধ কৰি দিছে

 

চাইন অন ডেস্ক:

ইজৰাইল-ইৰাণৰ মাজৰ সংঘাতৰ ফলত সমগ্ৰ বিশ্বৰে বিমান সেৱা ব্যাহত হৈ পৰিছে। ইতিমধ্যে ইৰানে নিজ দেশৰ বিমান সেৱা বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকৰ আকাশমাৰ্গো বন্ধ কৰি দিছে।যাৰ ফলত মুম্বাইৰ পৰা লণ্ডনলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান আদ বাটৰ পৰাই পুনৰ মুম্বাইলৈ ঘূৰাই আনিব লগাত পৰে।
ইৰাণত ইজৰাইলে কৰা আক্ৰমণৰ পাছত চুবুৰীয়া দেশ ইৰাক আৰু জৰ্ডানে নিজৰ আকাশমাৰ্গ বন্ধ কৰিছে। ফলত এই দুয়োখন দেশৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি কোনো বিমানে গন্তব্যস্থানলৈ যাব পৰা নাই।
ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰ পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ইৰান, ইজাৰইল আৰু জৰ্ডানৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত বিমান সেৱা ব্যাহত হৈ পৰিছে।
উল্লেখ্য যে, ইৰাণৰ সীমান্তৱৰ্তী পূব ইৰাক বিশ্বৰ অন্যতম ব্যস্ত ‘এয়াৰ কৰিডৰ’। প্ৰতি মুহূৰ্ততে এছিয়াৰ কোনোবা নহয় কোনোবা এখন দেশৰ বিমানে এই আকাশমাৰ্গৰ মাজেৰে পশ্চিমীয়া দেশ বা ইউৰোপলৈ যাত্ৰা কৰে।
এই বিমানসমূহে উভতনি যাত্ৰাতো এই কৰিড’ৰেই ব্যৱহাৰ কৰে। এতিয়া এই গুৰুত্বপূৰ্ণ আকাশীপথটো অৱৰোধ কৰাৰ ফলত বিমানসমূহে নিজৰ গন্তব্যস্থানলৈ বিকল্প পথৰ সন্ধান কৰিবলগীয়া হৈছে। ফলত ইন্ধনৰ খৰচো বৃদ্ধি পাইছে।
ইজৰাইলৰ বিমান সংস্থা এল আল এয়াৰলাইন্সে ইজৰাইলৰ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে। দেশখনৰ আন এটা বিমান সংস্থাই ইজৰাইলৰ টেল আভিভ বিমানবন্দৰৰ পৰা বিমান সেৱা প্ৰত্যাহাৰ কৰিছে।
আন এটা বিমান সংস্থা এমিৰেটছে ইৰাক, জৰ্ডান, লেবানন আৰু ইৰাণলৈ সেৱা বন্ধ কৰি দিয়া বুলি জানিবলৈ দিছে। এয়াৰ ইণ্ডিয়াৰ ইউৰোপলৈ যোৱা বিমানসমূহো পূৰ্বে পশ্চিম এছিয়াৰ সেই বহুলভাৱে ব্যৱহৃত আৰু জনপ্ৰিয় কৰিড’ৰেৰে যাত্ৰা কৰিছিল।
কিন্তু এই পৰিস্থিতিত বিমানসমূহে গন্তব্যস্থানলৈ বিকল্প পথৰ সন্ধান কৰিছে। এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰি কয় যে ইৰাণৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সেই দেশৰ আকাশমাৰ্গ বন্ধ হৈ আছে। ফলত সেই আকাশমাৰ্গ পাৰ হৈ ইউৰোপীয় দেশসমূহলৈ বিমান সেৱা আগবঢ়াব পৰা নাই।
এনে পৰিস্থিতিত বহু বিমানৰ পথ সলনি কৰা হৈছে। বহু বিমানে আধা বাটৰ পৰাই ঘূৰি আহিবলগীয়া হৈছে। এয়াৰ ইণ্ডিয়াই জনোৱা মতে এতিয়ালৈকে ১৬ খন বিমানৰ পথ সলনি কৰা হৈছে।
কেইবাটাও বিমান সংস্থাই এছিয়াৰ পৰা ইউৰোপলৈ বিমান সেৱাৰ বাবে বিকল্প পথৰ পৰামৰ্শ দিছে। এই বিকল্প পথ ইজিপ্ত আৰু চৌদি আৰব নতুবা তুৰস্ক, আজাৰবাইজান আৰু তুৰ্কমেনিস্তানৰ আকাশমাৰ্গ হ’ব পাৰে বুলি জনাইছে। কিন্তু এই দুয়োটা বিকল্প পথ ব্যৱহাৰ কৰিলে বিমানৰ সময় আৰু ইন্ধনৰ খৰচো যথেষ্ট বৃদ্ধি কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *