...

প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ল RCB

Spread the love

প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ল RCB

১৭ বছৰৰ পাচত দখল আই পি এলৰ খিতাপ
আই পি এল ২০২৫ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে
সৱৰমতী নৈৰ পাৰত অৱশেষত বিৰাট কো’হলিৰ ঈৰ্ষণীয় হাঁহি

 আহমেদাবাদঃ

সৱৰমতী নৈৰ পাৰত অৱশেষত বিৰাট কো’হলিৰ ঈৰ্ষণীয় হাঁহি মাৰিবলৈ সক্ষম হয়। আই পি এলত সুদীর্ঘ ১৭টা বছৰ ট্ৰফী জয়ত ব্যর্থ হোৱাৰ পিচত শেষ হাঁহি মাৰিলে তাৰকাগৰাকীয়ে।অষ্টাদশ আই পি এলৰ খিতাপ জিনিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি)। লগে লগে দীর্ঘদিনীয়া আধৰুৱা সপোন পূৰণ হ’ল বিৰাটৰ। বিগত ১৭টা বছৰ তিনিবাৰকৈ ফাইনেল খেলিও অন্তিম বাধা অতিক্ৰম কৰিব পৰা নাছিল বেংগালুৰুৱে। চতুৰ্থবাৰ প্ৰতিযোগিতাখনৰ ফাইনেল্ খেলি সেই ব্যর্থতা আঁতৰালে দলটোৱে। ‘ফ’ৰ্থ টাইম লাকী’-আৰ চি বি। আই পি এলে পালে নতুন চেম্পিয়ন।কালি অনুষ্ঠিত ফাইনেলত আৰ চি বিয়ে ৬ ৰানত পঞ্জাব কিংছক পৰাস্ত কৰে। এই পৰাজয়ৰ ফলত দ্বিতীয়বাৰলৈ ফাইনেল খেলিও ট্রফী জয়ৰ আশা অপূৰ্ণ হৈ ৰ’ল পঞ্জাব কিংছৰ। জয়ৰ বাবে ১৯১ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰি শ্ৰেয়াস আয়াৰ নেতৃত্বাধীন পঞ্জাব দলটোৱে ৭ টা উইকেট হেৰুৱাই ১৮৪ ৰান কৰি থমকি ৰয়। শশাংক সিঙে ৩০ টা বলত অপৰাজিত ৬১, জ’ছ ইংলিছে ৩৯ আৰু প্ৰভছিমৰন সিঙে ২৬ ৰান কৰাৰ বিপৰীতে আৰ চি বিৰ ক্রুণাল পাণ্ডিয়া আৰু ভুবনেশ্বৰ কুমাৰে দুটাকৈ উইকেট লাভ কৰে। মেচখনত প্রথমে বেটিং কৰাৰ আমন্ত্রণ পাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৯ টা উইকেট হেৰুৱাই ১৯০ ৰান সংগ্ৰহ কৰে। বিস্ফোৰক আৰম্ভণি কৰিলেও ফিল ছল্ট (১৬) অধিক সময় তিষ্ঠিব নোৱাৰে যদিও বিৰাট ক’হলিয়ে দৃঢ়তাপূর্ণ বেটিঙেৰে উইকেটৰ এটা দিশ কিছু সময়লৈ চন্তালে। তেওঁক যোগ্য সংগ দি দলক আগুৱাই নিয়ে মিডল অৰ্ডাৰ বেটাৰসকলে। বিৰাটে ৩৫ টা বলত ৪৩ ৰান কৰি উভতি যায়। তেওঁৰ উপৰি মায়ংক আগৰৱালে ২৪, ৰজত পাটিদাৰে ২৬, লায়াম লিভিংষ্ট’নে ২৫ আৰু জিতেশ শর্মাই ২৪ ৰান কৰে।

পঞ্জাবৰ অৰ্শদীপ সিং আৰু কাইল জেমিছনে তিনিটাকৈ উইকেট লাভ কৰে।

RCB-এ ১৯১ ৰাণৰ লক্ষ্য বান্ধী দিয়ে পঞ্জাব কিংছক।পঞ্জাব কিংছে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰাণহে কৰিব পাৰিছিল আৰু মেচখনত ৬ ৰাণত পৰাস্ত হয় । ইয়াৰ লগে লগে পঞ্জাব কিংছৰ আই পি এল খিতাপ দখল কৰাৰ সপোন সম্পূৰ্ণৰূপে চূৰ্ণবিচূবৰ্ণ হৈ পৰে ।

উল্লেখ্য যে, ১৭ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ফাইনেলত পঞ্জাব কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰথম খিতাপ দখল কৰে ।

ক্ৰুনাল পাণ্ডিয়া :

পাৱাৰপ্লেৰ পিছত বলিং কৰিবলৈ অহা ক্ৰুনালে প্ৰথম অভাৰত মাত্ৰ ৩ ৰাণহে কৰে । দ্বিতীয় অভাৰত তেওঁ প্ৰভসীমৰণক পেভিলিয়নলৈ পঠিয়াই দিয়ে । তাৰ পিছত তেওঁৰ স্পেলৰ শেষ অভাৰত জোছ ইংলিছৰ ডাঙৰ উইকেটটোও ল’লে । ক্ৰুনালে ৪ অভাৰত মাত্ৰ ১৭ ৰাণহে কৰে ।

ভুৱনেশ্বৰ কুমাৰ :

বলিং কৰিবলৈ আহি ভুৱীয়ে প্ৰথম ২ অভাৰত মাত্ৰ ১৭ ৰাণহে কৰে । তাৰ পাছত ইনিংছৰ ১৭ অভাৰত ৩ বলৰ ভিতৰত নেহাল বাধেৰা আৰু মাৰ্কাছ ষ্টোইনিছক পেভিলিয়নলৈ পঠিয়ায় ।

বিৰাট কোহলী :

আৰচিবিৰ হৈ ইনিংছ মুকলি কৰিবলৈ অহা বিৰাটৰ বিৰুদ্ধে দ্বিতীয় অভাৰত ফিল ছল্ট আউট হয় । ইয়াৰ পৰাই তেওঁ সতৰ্কতাৰে ইনিংছটো আগুৱাই নিলে আৰু বহু উইকেট পৰিবলৈ নিদিলে । কোহলীয়ে ৩৫টা বলত ৪৩ ৰাণৰ লেহেমীয়া কিন্তু উপযোগী ইনিংছ খেলিছিল । ১৫ নং অভাৰত তেওঁ আউট হয় যদিও দলটোক পতনৰ পৰা ৰক্ষা কৰে ।

জিতেশ শৰ্মা :

৬ নম্বৰত বেটিং কৰিবলৈ আহি জিতেশে ২টা চাৰি আৰু ২টা ছয়ৰে ২৪ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৪০। তেওঁৰ ইনিংছে আৰ চি বিক ১৯০ ৰাণলৈ প্ৰত্যাহ্বানমূলক স্ক’ৰলৈ লৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *