...

৮ দিনৰ বিৰতিৰ পিছত পুনৰ আজিৰে পৰা আৰম্ভ হ’ব IPL

Spread the love

৮ দিনৰ বিৰতিৰ পিছত পুনৰ আজিৰে পৰা আৰম্ভ হ’ব IPL

চাইন অন ডেক্সঃ

ক্ৰিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজিৰেপৰা পুনৰ আৰম্ভ IPLৰ মহাৰণ। খেল বাতিলৰ ৮ দিন পিছত আজি বেংগালুৰুত মুখামুখি হ’ব RCB আৰু KKR। ভাৰত পাকিস্তানৰ সংঘাতৰ বাবে সাময়িকভাৱে বাতিল কৰিছিল IPLৰ খেল। ৮ দিনৰ বিৰতিৰ পিছত পুনৰ আজিৰে পৰা আৰম্ভ হ’ব IPL। ভাৰত-পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ৯ মে’ত এসপ্তাহৰ বাবে IPL স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। আজি বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত RCB মুখামুখি হ’ব KKR। আজি খেলখনত যদি ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিব পাৰে তেন্তে RCB প্লেঅফত উপনীত হোৱাৰ পথ প্ৰশস্ত হ’ব।

এইবাৰ সুন্দৰ ফৰ্মত আছে RCB। RCBৰ বাবে ভাল খবৰটো হ’ল যে দলটোত যোগ দিছেহি বিদেশী ক্ৰিকেটাৰদ্বয় টীম ডেভিড আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ড। এই IPL সংস্কৰণত এতিয়ালকে অনুষ্ঠিত হোৱা খেলসমূহত RCBৰ ইনিংছৰ শেষৰফালে খৰতকীয়াকৈ ৰাণ সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে টীম ডেভিডে। কেইবাখনো খেলত RCBৰ জয়ত মূল ভূমিকা গ্ৰহণ কৰিছে টীম ডেভিডে। ডেভিডৰ উপস্থিতিয়ে অধিক শক্তিশালী কৰিব RCB বেটিং শক্তি। টীম ডেভিড আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ লগতে RCBৰ শিৱিৰত যোগ দিছেহি জেক’ব বেথেল, লিয়াম লিভিংষ্টোন আৰু ফিল ছল্টে। বিদেশী খেলুৱৈসকলৰ নিৰাপত্তা দিশটোৰ প্ৰতিও BCCIয়ে গুৰুত্ব প্ৰদান কৰিছে। এক কথাত ক’বলৈ গ’লে বিদেশী খেলুৱৈসকলৰ নিৰাপত্তাৰ বাবেই ভাৰত-পাকিস্তান যুদ্ধ পৰিস্থিতিৰ বাবে IPL স্থগিত কৰা হৈছিল।

উল্লেখ্য যে, এতিয়ালৈকে IPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই RCBয়ে। বহু তাৰকা খেলুৱৈৰে সমৃদ্ধ RCB দলটোৰ সন্মুখত এইবাৰ খিতাপ দখলৰ সুৱৰ্ণ সুযোগ। বিৰাট কোহলিৰ নেতৃত্বত এইবাৰ IPL ট্ৰফী তুলি ল’বলৈ চেষ্টা চলাব দলটোৱে। এতিয়ালৈকে ১২খন খেলৰ আঠখনত জয়ী হৈ ১৬ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে দলটো। প্লে-অফৰ যুঁজত RCBৰ লগতে আছে গুজৰাট টাইটানছ, পঞ্জাৱ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ। ইফালে শক্তিশালী কলকাতা নাইট ৰাইডাৰ্ছে RCBক উভতি ধৰিবলৈ সাজু হৈছে। আজিক্য ৰাহানেৰ নেতৃত্বত দলটোৱে RCBক শলঠেকত পেলাব পাৰে। লগতে খেলখনত বতৰেও বিধি-পথালি লগোৱাৰ সম্ভাৱনা আছে। বিগত দুদিন বেংগালুৰুত হৈ আছে নেৰানেপেৰা বৰষুণ।

Leave a Reply

Your email address will not be published. Required fields are marked *