...

কাউন্ট-ডাউন আৰম্ভঃআজি আই পি এলৰ ফাইনেলত আৰ চি বি বনাম পঞ্জাব

Spread the love

 

কাউন্ট-ডাউন আৰম্ভঃআজি আই পি এলৰ ফাইনেলত আৰ চি বি বনাম পঞ্জাব

 

আহমেদাবাদঃ

প্রতীক্ষাৰ অৱসান। অন্তিমক্ষণত উপনীত ২২ মার্চৰ পৰা অনুষ্ঠিত চলিত ইন্ডিয়ান প্রিমিয়াৰ লীগ। ৭২ দিনৰ অপেক্ষাৰ অন্তত আজি অনুষ্ঠিত হ’ব বহু প্রত্যাশিত ফাইনেল। ইতিমধ্যে আৰম্ভ হৈছে কাউন্ত ডাউন। সাজু হৈ উঠিছে দুয়োটা ফাইনেলিস্ট দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ।অৱশ্যে তিনিদিনৰ পূর্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰে ফাইনেলত প্রবেশ কৰি প্রতিদ্বন্দ্বীৰ অপেক্ষাত আছিল। দেওবাৰে গভীৰ নিশা অপেক্ষাৰ অন্ত পেলালে পঞ্জাব কিংছে।আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী স্টেডিয়ামত ৰজত পাটিদাৰৰ সৈন্যৰে মুখামুখি হ’ব শ্রেয়াছ আয়াৰৰ পঞ্জাবৰ যুঁজাৰু।আজি সন্ধিয়া ঘড়ীৰ কাটা ৭.৩০ৰ ঘৰত স্পর্শ কৰাৰ লগে লগেই নৰেন্দ্র মোদী স্টেডিয়ামত আৰম্ভহ’ব ক্রিকেটৰ মহাযজ্ঞ। য’ত বেট-বলৰ সমুখসমৰৰ উন্মাদনাত বিলীন হ’ব ক্রিকেটপ্রেমী। তাৎপর্যপূর্ণভাবে এইবাৰ বিশ্ববাসীয়ে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন। সেয়ে অনুৰাগীৰ মাজত চলিত আই পি এলৰ উত্তেজনা তুংগত।

কিয়নো দুয়োটা দলে ১৮ বছৰত এবাৰো ট্রফী লাভ কৰিব পৰা নাই। এতিয়া আজি এটা দলৰ অন্ত পৰিব এয়া খাটাং। অৱশ্যে ইয়াৰ পূর্বে তিনিবাৰ ফাইনেলত প্রবেশ কৰিছে বেংগালুৰুৱে। আনহাতে, ১১ বছৰ পূর্বে ফাইনেল খেলাৰ সোৱাদ লাভ কৰিছিল পঞ্জাবে। তেনেস্থলত নৰেন্দ্র মোদী স্টেডিয়াম একলাখতকৈ অধিক অনুৰাগীয়ে ভৰি পৰাটো নিশ্চিত। ইতিমধ্যে অনলাইনযোগে বিক্রী হৈছে ৮৫ হাজাৰ টিকট।

তাতে কেৰিয়াৰৰ অন্তিম ক্ষণত
ফাইনেলত প্রবেশ কৰিছে কোহলি। সেয়ে চূড়ান্ত খেলখনত ১৮ নম্বৰৰ জাৰ্ছি পিন্ধা হাজাৰ হাজাৰ অনুৰাগীয়ে কোহলিক সমর্থন কৰিবলৈ সাজু হৈছে। পূৰ্বৰ নিৰাশা পাহৰি এইবাৰ আৰম্ভণিৰ পৰা শেষলৈকে ভাল প্রদর্শন আগবঢ়াইছে আৰ চি বিয়ে। প্রথম কোৱালিফায়াৰত পঞ্জাবক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্রবেশ কৰিছিল দলটোবে। সেয়ে সেই প্রদর্শন পুনৰাবৃত্তি কৰিবলৈ প্রতিশ্রুতিবদ্ধ কোহলি এণ্ড কোম্পানী। কোহলিয়ে ৬১৪ ৰান সংগ্ৰহ কৰি প্রতি বছৰৰ দৰে এইবাবো ভাল প্রদর্শন আগবঢ়াইছে। এইবাৰো আৰচিবিব বেটিঙৰ মূল স্তম্ভ তেওঁ। অবশ্যে এইবাৰ কোহলিয়ে লাভ কৰিছে আন খেলুৱৈবো সংগ। তাৰকাগৰাকীক সহযোগিতা আগবঢ়াই ফিল ছল্টে আৰ চি বিক ভাল আৰম্ভণি দিয়াৰ বিপৰীতে মায়ংক আগৰৱাল, অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শর্মা বেটিং ক্রমত নির্ভৰযোগ্য খেলুবৈ। টিম ডেভিদে আঘাতৰ বাবে আৰচিবিৰ শেষৰ দুখন মেচত অংশ ল’ব পৰা নাই যদিও দলৰ সফলতাত তেওঁৰ প্রদর্শন লেখত ল’বলগীয়া। ৰোমাৰিয়া শেফার্ডৰ সৈতে ডেথ অভাৰত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। বলিঙত শান্ত আৰু সংযত জ’ছ হেজলউডে (২১ উইকেট) আৰচিবিব বাবে মূল স্তম্ভ। বর্তমান আই পি এলৰ চলিত ছিজনত সর্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁ চতুর্থ স্থানত আছে।

ইয়াৰ বিপৰীতে মূলনপুৰৰ ঘৰুৱা খেলপথাৰত প্ৰথমখন কোৱালিফায়াবত আবচিবিৰ হাতত লজ্জাজনক পৰাজয়ৰ পিছতো শ্রেয়াছ আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছে মুম্বাই ইন্ডিয়ান্‌ছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত উজ্জ্বল প্রদর্শন আগবঢ়ায়। ৫ বাৰৰ বিজয়ী মুম্বাই ইন্ডিয়ানক পৰাস্ত কৰি ১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্রবেশ কৰে। পঞ্জাব কিংছে অধিনায়ক আয়াব আৰু প্রশিক্ষক ৰিকি পন্টিঙৰ তত্ত্বাৱধানত সুন্দৰ প্রদর্শন আগবঢ়াইছে। বিগত বৰ্ষত আয়াৰৰ নেতৃত্বত চেম্পিয়ন হৈছিল কলকাতা নাইট বাইডাৰ্ছ। অর্থাৎ একেবাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্রবেশ কৰিছে আয়াব নেতৃত্বাধীন দল। ইয়াৰ বিপৰীতে প্ৰভসীমৰণ সিং, জ’ছ ইংলিছ, প্রিয়ংশ আর্য্য আৰু শশাংক সিঙৰ ৰূপত আয়াৰক সমর্থন কৰিবলৈ আছে কেইবাগৰাকী তাৰকা বেছমেন। যিয়ে আৰ চি বিক প্রত্যাহ্বান জনাব পাবে। মার্কো জান্সেনৰ অবিহনে পঞ্জাবৰ বলিং অলপ দুর্বল যেন লাগিলেও বেটিং অনুকূল উইকেটত মুম্বাই ইণ্ডিয়াক নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হৈছিল পাঞ্জাবে। চাহালে হাতৰ আঘাতৰ বাবে দ্বিতীয় কোৱালিফায়াৰত শ্রেষ্ঠ ফর্মত নাছিল যদিও পূর্বব ফ্রেঞ্চাইজিৰ বিৰুদ্ধে ভাল প্রদর্শন কৰিব বুলি আশাবাদী পাঞ্জাব। তেনেস্থলত আজি কোহলি নে আয়াৰৰ ভাগ্য উদয় হ’ব, সেয়া হ’ব লক্ষণীয়। উল্লেখ্য যে কালি এক ৰোমাঞ্চকৰ মেচত শক্তিশালী মুম্বাইক ধৰাশায়ী কৰি খিতাপৰ যুঁজত অবতীর্ণ হয় পাঞ্জাব। প্রথমে বেটিং কবি মুম্বায়ে ৬ উইকেট হেৰুৱাই ২০৩ ৰান সংগ্রহ কৰে। প্রত্যুত্তৰত এক অভাৰ বাকী থকাৰ অৱস্থাত পাঁচটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় পাঞ্জাব। দলৰ হৈ অধিনায়ক আয়াৰৰ প্রদর্শন আছিল চমকপ্রদ। ৪১ টা বলত ৮৭ ৰানৰ অভূতপূর্ব ইনিংছ খেলে শ্রেয়াছে।

Leave a Reply

Your email address will not be published. Required fields are marked *