কার্বি আংলঙত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ
পৰৱৰ্তী নির্দেশ নিদিয়াপর্যন্ত বলবৎ থাকিব
*চাইন অন ডেস্ক:*
অগ্নিগৰ্ভা কাৰ্বি পাহাৰ।
জ্বলিয়েই আছে পশ্চিম কার্বি আংলং।পিজিআৰ-ভিজিআবৰ ভূমিৰ পৰা অনা কার্বিক উচ্ছেদৰ প্রতিবাদত আজি তিনিটা দিন ধৰি জিলাখনৰ খেৰণি-ডংকা মোকামকে ধৰি সমগ্র অঞ্চলত
প্রতিবাদৰ ঢৌত জ্বলি আছে। ইখনৰ পাছত সিখনকৈ গাঁৱৰ বাসগৃহ, দোকান-পোহাবকে ধৰি খেৰণিৰ দৈনিক বজাৰসহ বহু সা-সম্পত্তি অগ্নিকুণ্ডত জাহ গৈছে। উত্তেজিত লোকে ৰাজপথত টায়াৰ জুলাই প্রতিবাদ সাব্যস্ত কৰিছে। পৰিণতিত আৰক্ষী, নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছে প্রতিবাদকাৰীসকল। শিলগুটি নিক্ষেপ, গুলীচালনা, কন্দুৱা গেছ প্রয়োগ যেন এক সাধাৰণ ঘটনাত পৰিণত হৈছে পশ্চিম কাৰ্বি আংলঙৰ সংঘর্ষজর্জৰ অঞ্চলত।
পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যোৱা মন্ত্রী ৰণোজ পেগুৱে পুৱা আলোচনাও যেন বিফল হৈছে। অসম আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিত সিঙে নিজেই তদাৰক কৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি। ইয়াৰ মাজতো অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি। যাৰ ফলত সন্ধিয়ালৈ বাধ্য হৈ ইন্টাৰনেট সেবা কর্তন কৰিবলৈ বাধ্য
হৈছে ৰাজ্য প্ৰশাসন। ৰাজ্যৰ গৃহ বিভাগে সন্ধিয়ালৈ জাৰি কৰা ৫৫১৩৫৬/৯৬ নম্বৰৰ নির্দেশনাযোগে কাৰ্বি আৰু পশ্চিম কাৰ্বি আংলঙত ইণ্টাৰনেট সেৱা কৰ্তনৰ কথা ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ আযুক্ত সচিব বিশ্বজিৎ পেগুৱে কাৰ্বি আংলঙৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ এই নির্দেশ জাৰি কৰাৰ কথা ঘোষণা কৰে। নির্দেশনাটোত আয়ুক্ত সচিবগৰাকীয়ে উল্লেখ কৰে যে যিহেতু অসম চৰকাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা দণ্ডাধীশসকলৰ জৰিয়তে দুয়োখন জিলাত ২৩ ডিচেম্বৰত উদ্ভৱ হোৱা গুৰুতৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে প্রতিবেদন লাভ কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন জিলাতে ৰাজহুৱা শাস্তি আৰু সম্প্রীতি গুৰুতৰভাৱে ভংগৰ আশংকা কৰা হৈছে। নির্দেশনাটোত লগতে কোৱা হৈছে যে সামাজিক মাধ্যম আৰু ইন্টাৰনেটৰ জৰিয়তে উত্তেজক বার্তা, উৰাবাতৰি আদি বিয়পাই দিয়াৰ ফলত
পৰিস্থিতি আৰু অধিক অবনতি ঘটিব পাৰে বুলি অসম চৰকাৰে আশংকা কৰিছে। সেয়েহে ৰাজহুৱা শান্তি আৰু স্থিৰতা বজাই ৰখাৰ স্বাৰ্থত আৰু বর্তমানৰ পৰিস্থিতিৰ অৱনতি বোধ কৰাৰ বাবে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ভাৰতীয় টেলিগ্রাফ আইন ১৮৮৫ৰ ধাৰা ৫(২) অধীনত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত সকলো ম’বাইল সেবা প্রদানকাৰীৰ ইন্টাৰনেট, ম’বাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কর্তন কৰিছে। পৰৱৰ্তী আদেশ নোহোৱালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। অৱশ্যে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবে নির্দেশনাটোত স্পষ্ট কৰিছে যে এই সময়ছোৱাত ভয়চ কল আৰু স্থিৰ টেলিফোন লাইনভিত্তিক ব্রডবেন্ড সংযোগ কার্যকৰী হৈ থাকিব।