...

ডিব্ৰুগড়ত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস

Spread the love

ডিব্ৰুগড়ত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস

নাৰী অধিকাৰ,নাৰী সবলীকৰণ আৰু সমাজত নাৰীৰ ভূমিকাৰ বিস্তৃত আলোচনা

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে Assam Centre for Rural Development ৰ উদ্যোগত এখন বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংগনবাড়ী কৰ্মী, আশা ৱৰ্কাৰ, ৱাৰ্ড মেম্বাৰ আৰু Self Help Group ৰ সদস্যাসকল উপস্থিত আছিল।
সভাত নাৰী অধিকাৰ, নাৰী সবলীকৰণ আৰু সমাজত নাৰীৰ ভূমিকা বিষয়ে বিস্তৃত আলোচনা কৰা হয়। এই সভাত Assam Centre for Rural Development ৰ District Project Coordinator নীভা দুৱৰাহ, Social Community Worker বৰ্ণালী গগৈ আৰু পিংকি তান্তিয়ে ভাষণ আগবঢ়ায়।
তেওঁলোকৰ ভাষণত সমাজত মহিলাসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰা, মহিলাসকলক সবল কৰি তোলা আৰু আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত Self Help Group সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে। লগতে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়েও উপস্থিত মহিলাসকলক অৱগত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *