...

উত্তৰ পূব ভাৰত আন্ত: বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতা

Spread the love

উত্তৰ পূব ভাৰত আন্ত: বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতা

 

সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতা সম্পন্ন

চাইন অন ডেস্ক:

ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা উত্তৰ পূৱ ভাৰত আন্তঃ বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতা আৰু সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাৰ সফল সামৰণি। অত্যাধুনিক ডিব্ৰুগড় খনিকৰ স্থিত বহুমুখী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ ১৫০খনৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে লভ্লি প্ৰফেচনেল বিশ্ববিদ্যালয়, দ্বিতীয় শ্ৰেষ্ঠ দল চেগ বিশ্ববিদ্যালয় আৰু তৃতীয় শ্ৰেষ্ঠ দল কালিকত বিশ্ববিদ্যালয়ে৷ উল্লেখযোগ্য এই প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলটিয়ে অংশগ্ৰহণ কৰি ৰাহুল দত্তই এটি সোণ, অনন্ত তাঁতীয়ে এটি ৰূপ আৰু দলীয় শাখাত প্ৰাঞ্জল দেউৰী, সুৰজ কোঁৱৰ, অনন্ত তাঁতী আৰু ননী গোপাল দত্তই ব্ৰঞ্জপদক লাভ কৰিবলৈ সক্ষম হয়৷ দলটিৰ নেতিত্বত আছিল মুখ্য প্ৰশিক্ষক অঞ্জন চেতিয়া বুলি বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ড° দ্বীপজ্যোতি গগৈয়ে জানিবলৈ দিয়ে৷আজি ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সংবাদ মেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ড° দ্বীপ জ্যোতি গগৈ আৰু অঞ্জন চেতিয়াই প্ৰতিযোগিতা খনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়কে আদি কৰি বিশ্ববিদ্যালয়ৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰা লগতে দেশৰ ১৫০ খন বিশ্ববিদ্যালয়ৰ প্ৰায় এক সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সংবাদ মেলত লগতে অন্যান্য খেলৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিখিনি কৰিছে।কাৰিটে খেলৰ ক্ষেত্ৰত কৰা নাই বুলি অভিযোগ কৰে। উল্লেখযোগ্য যে,পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই সৰ্ববৃহৎ প্ৰতিযোগিতা খনৰ পৰা সফল হোৱা খেলুৱৈ সকলে দেশৰ হৈ প্ৰতিনিধিত্ব কৰা সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *