...

শ্ৰীমন্ত শংকৰ মিছনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উদযাপন

Spread the love

শ্ৰীমন্ত শংকৰ মিছনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উদযাপন

বিশেষভাৱে সক্ষম ব্যক্তিক Wheel Chair বিতৰণ

নগাঁও,

নগাঁও চহৰৰ সমীপৱৰ্তী পানীগাঁও চাৰিআলিত অৱস্থিত শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰেক্ষাগৃহত যোৱা বুধবাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সজাগতা সভাত সভাপতি‌ত্ব কৰে শ্ৰীমন্ত শংকৰ মিছনৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি‌ চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাৰ সম্পৰ্কে এক সাৰুৱা ভাষণ প্ৰদান কৰে। নগাঁও জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওঁগে বিশেষভাবে সক্ষম ব্যক্তিসকলৰ বাবে প্ৰযোজ্য বিভিন্ন আইনী ধাৰাসমূহ বিষয়ে অৱগত কৰে। জিলা সমাজ কল্যাণ বিষয়া‌ ভোলানাথ পেগুৱে সভাত উপস্থিত থাকি বিশেষভাৱে ব্যক্তিৰ জন্মাধিকাৰ সকলো ব্যক্তিক সংবিধানত সুনিৰ্দিষ্ট কৰা সমান অধিকাৰ প্ৰদানৰ কথা উল্লেখ কৰি সহায়ক সঁজুলি বিতৰণৰ সময়ত নথিপত্ৰ সঠিকভাৱে জমা দিবলৈ আহ্বান জনায়। পেনেল অ্যাডভ’ কেট,লিগেল এইড কাউন্সিলৰ সহায়কাৰী জেছমীন বেগমে ভাৰতীয় ন্যায় সংহিতা অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ অধিকাৰ আৰু আইনী ধাৰাসমূহৰ ওপৰত বক্তব্য ৰাখে। জিলা স্তৰৰ দিৱ্যাংগজন সংঘৰ আলাউদ্দিন আহমেদ সভাত উপস্থিত থাকি Persons with Disabilities Act,2016 অনুসৰি অধিকাৰসমূহ বাস্তৱ ৰূপায়ণৰ বাবে দাবী জনায়। সভাৰ উদ্দেশ্য ব্যাখা কৰে শ্ৰীমন্ত শংকৰ মিছনৰ সাধাৰণ সম্পাদক পৰাণ কুমাৰ মহন্তই। এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম ব্যক্তিক Wheel Chair বিতৰণ কৰাৰ লগতে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *