ইণ্ডিগ’ৰ অসমলৈ নতুন বিমান সেৱা
চাইন অন ডেস্ক:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে অসমলৈ ইণ্ডিগ’ই নতুন বিমান সেৱা আৰু বৰ্ধিত বিমান সেৱাৰ কথা ঘোষণা কৰিছে।
২০২৫ চনৰ ২০ ছেপ্টেম্বৰৰ পৰা দিল্লী–যোৰহাট বিমান সেৱা আৰম্ভ কৰিব।
গুৱাহাটী–শিলচৰ আৰু গুৱাহাটী–ডিব্ৰুগড় পথত দৈনিক পুৱাৰ ভাগত অতিৰিক্ত বিমান সেৱা আৰম্ভ কৰিব।
গুৱাহাটী–নৱী মুম্বাই পোনপটীয়া বিমান সেৱাও ২০২৫ চনৰ শীতকালত আৰম্ভ হোৱাৰ কথা।