...

হিষ্টী ৰিপিট কৰেংগে, হিষ্টী ডিফিট কৰেংগে

Spread the love

হিষ্টী ৰিপিট কৰেংগে, হিষ্টী ডিফিট কৰেংগে

 

সূর্য বাহিনীক শুভেচ্ছা
৩ বছৰতে ৩ বিশ্ব খিতাপ টীম ইণ্ডিয়াৰ

আহমেদাবাদ:

বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰ পৰাই ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ৰোহিত শমাৰ এটা বিজ্ঞাপনত কোৱা হৈছিল ‘হিস্ত্রী ৰিপিট কৰেংগে,হিষ্ট্ৰী ডিফিট কৰেংগে’। এই কথাখিনিৰ মর্ম আছিল আকৌ বিশ্বকাপ জয়ৰ ইতিহাস পুনৰাবৃত্তি কৰাৰ লগতে প্রথম আয়োজক দেশ হিচাপে বিশ্বকাপ জিকি ইতিহাস সলনি কৰা।ৰোহিত শর্মাই কোৱাৰ দৰে টীম ইণ্ডিয়াই কৰি দেখুৱালে সেই কাম। ২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ৰ পিছত ১১ বছৰে বিশ্ব খিতাপৰ পৰা বঞ্চিত হৈ থকা ভাৰতে বিগত তিনিটা বিশ্ব খিতাপ জয়ৰ ইতিহাস ৰচনা কৰে। ২০২৪ চনত বোহিত শর্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাত পৰাস্ত কৰি টি-২০ খিতাপ জয় কৰাৰ পিছত ২০২৫ চনত ডুবাইত নিউজিলেওক হৰুৱাই চেম্পিয়নছ ট্রফী দখল কৰে। এইবাৰ টি ২০ বিশ্বকাপৰ আয়োজক হিচাপে ভাৰতে আৰম্ভণিৰ পৰাই সুন্দৰ প্রদর্শনেৰে ফাইনেলত অবতীর্ণ হৈ চূড়ান্ত খিত্তাপ অর্জন কৰে।আহমেদাবাদৰ নৰেন্দ্র মোদী স্টেডিয়ামত কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ, গুজৰাটৰ মুখ্যমন্ত্রী, বিশ্বকাপ জয়ী ভাৰতীয় দলৰ প্রাক্তন ক্রিকেটাৰ মহেন্দ্র সিং ধোনী আৰু ৰোহিত শর্মাকে ধৰি আগশাৰীৰ বহু ক্রিকেটাৰৰ উপস্থিতিত ভাৰতে তৃতীয়বাবলৈ টি-২০ বিশ্বকাপত জয়ী হয়। ভাৰতীয় দলৰ এই সফলতাত সমগ্র দেশতে আনন্দৰ জোৱাৰ উঠিছে।ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা আৰম্ভ কৰি দেশৰ উদ্যোগপতিলৈকে ভাৰতীয় দলক শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে। ইফালে, সমগ্র দেশৰ কোটি কোটি ভাৰতীয়ই জয়ৰ পিছত ৰাজপথলৈ ওলাই আহি নৃত্য-গীতেৰে আনন্দ-উল্লাস কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *