ভাৰতীয় বায়ু সেনাৰ যোদ্ধাসকলক সাক্ষাৎ ৰাজনাথ সিঙৰ
গুজৰাটৰ ভূজ বায়ুসেনা ষ্টেচন পৰিদৰ্শন কৰি মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
নতুন দিল্লী:
শ্ৰীনগৰত নিৰাপত্তা বাহিনীৰ লোকক সাক্ষাৎ কৰাৰ এদিন পিছতে অৰ্থাৎ শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুজৰাটৰ ভূজ বায়ুসেনা ষ্টেচন পৰিদৰ্শন কৰি ‘সাহসী বায়ু যোদ্ধা’ৰ সৈতে মত বিনিময় কৰে ।
তেওঁ ভাৰতৰ সামৰিক শক্তি আৰু প্ৰস্তুতিৰ এক উজ্জ্বল নিদৰ্শন বুলি উল্লেখ কৰি অপাৰেশ্যন সেন্দূৰত ভাৰতীয় বায়ুসেনা আৰু সশস্ত্ৰ বাহিনীক ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে । তেওঁ কয়, “আমাৰ বায়ুসেনাই নিজৰ সাহস, পৰাক্ৰম আৰু গৌৰৱেৰে নতুন আৰু অধিক উচ্চতা স্পৰ্শ কৰিছে । তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই অভিযানক ফলপ্ৰসূভাৱে আগুৱাই লৈ গৈছে ।”
মন্ত্ৰীগৰাকীৰ সৈতে বায়ুসেনাৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল এ পি সিঙো উপস্থিত থাকে । বিশেষকৈ পাকিস্তানৰ সৈতে শেহতীয়াকৈ হোৱা সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত গুজৰাট ভ্ৰমণত থকা সিঙে সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । Xৰ এটা পোষ্টত সিঙে কয়, “নতুন দিল্লী এৰি ভূজ (গুজৰাট)লৈ । ভূজ বায়ুসেনা ষ্টেচনত আমাৰ সাহসী এয়াৰ ৱাৰিয়ৰ্ছৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী ।”
লগতে তেওঁ কয় যে স্মৃতিবন-২০০১ চনৰ ভূমিকম্পত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা স্মৃতিসৌধ আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰিম । জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাদামী বাগ কেণ্ট ভ্ৰমণৰ সামৰণি পৰাৰ এদিন পিছতে ভাৰতীয় সেনাৰ জোৱানক সাক্ষাৎ কৰি মত বিনিময় কৰে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙে শ্ৰীনগৰ ভ্ৰমণৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিৰ ওপৰত আলোকপাত কৰে ।
বাদামী বাগ কেণ্টত অপাৰেশ্যন সেন্দূৰৰ পিছত সেনাৰ সৈতে হোৱা প্ৰথম বাৰ্তালাপত তেওঁ কয় যে অপাৰেশ্যন সেন্দূৰে পাকিস্তানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ নেতাসকললৈ এক উচ্চ আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোক ক’তো সুৰক্ষিত নহয় । তেওঁ কয় যে আমাৰ বাহিনীয়ে বিশ্বক দেখুৱাইছে যে তেওঁলোকৰ লক্ষ্য নিখুঁত আৰু পিনপইণ্ট আৰু গণনাৰ কাম শত্ৰুৰ ওপৰত এৰি দিয়া হৈছে ।
তেওঁ লগতে কয়, “মই বিশ্বৰ আগত এই প্ৰশ্ন কৰিছো যে ইমান দায়িত্বহীন আৰু দুষ্ট ৰাষ্ট্ৰৰ হাতত পাৰমাণৱিক অস্ত্ৰ নিৰাপদ নেকি ? পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ (আই এ ই এ) তত্বাৱধানত লোৱা উচিত ।”
সীমান্তৰ সিপাৰে পাকিস্তানী পোষ্ট আৰু বাংকাৰ ধ্বংস কৰা সাহসী জোৱানসকলৰ প্ৰতিও সিঙে কৃতজ্ঞতা প্ৰকাশ কৰি শত্ৰুক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে । তেওঁ লগতে কয়, “ভাৰতৰ জনসাধাৰণৰ পৰা এটা বাৰ্তা লৈ মই আজি ইয়ালৈ আহিছো-“আমি আমাৰ বাহিনীক লৈ গৌৰৱান্বিত’।”
পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা নিৰীহ সাধাৰণ নাগৰিক আৰু অপাৰেশ্যন সেন্দূৰৰ সময়ত মাতৃভূমিৰ সেৱাত সৰ্বোচ্চ বলিদান দিয়া জোৱানসকলকো প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আহত জোৱানসকলৰ সাহসক প্ৰশংসা কৰি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে ।