ভাৰত বাংলাদেশ সীমান্ত অস্থিৰ কৰাৰ পৰিকল্পনা !
গোলকগঞ্জৰ ভাৰত-বাংলদেশ সীমান্তত যুৱক আটক
এয়াৰ গান আৰু মোবাইল উদ্ধাৰ
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলদেশ সীমান্তৰ পৰা এজন যুৱকক আটক কৰে গোলক গঞ্জ আৰক্ষীয়ে।ধৃত যুৱক জনৰ পৰা এটা এয়াৰগান আৰু মোবাইল উদ্ধাৰ কৰে।
ভাৰত বাংলাদেশ সীমান্তত এক অশান্ত পৰিৱেশ কৰাৰ পৰিকল্পনা ৰচিছিল বুলি যুৱক জনৰ বিৰুদ্ধে সন্দেহ ব্যক্ত কৰা হৈছে।উক্ত ঘটনাৰ সৈতে তেঁওৰ উপৰিও আৰু কেইবাজনো লোক জড়িত থকাৰ সম্ভাৱনা থকা বুলি গোলক গঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰে।