Skip to content কেওট সম্প্ৰদায়ক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত ?
এনে সঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ
প্ৰতিখন জিলা সদৰত মহাবীৰ মহাৰাজ পৃথুৰ প্রতিমূর্তি নিৰ্মাণৰ দাবী
কৈৱৰ্ত্ত জনগোষ্ঠীক উচ্চ শিক্ষাৰ বাবে ৫% শৈক্ষিক কোটা দিয়াৰ ব্যৱস্থা
চাইন অন ডেস্ক:
কেওট সম্প্ৰদায় লোকক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ। ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলনে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
স্বাধীনোত্তৰ ৭৯ বছৰ ধৰি সৰ্বত্ৰে অৱহেলিত কৈৱৰ্ত জনগোষ্ঠীক শৈক্ষিক, আৰ্থসামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত বিকাশত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৈৱৰ্ত যুৱ-ছাত্র সন্মিলনে। আনকি সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিভাগৰ দায়িত্বত থকা অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ পৰা নিৰ্বাচিত মন্ত্ৰী পীযুষ হাজৰিকাকো ক্ষুৰধাৰ সমালোচনা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনে অসম চৰকাৰে অনুসূচিত জাতি মূল সমস্যাসমূহ সমাধানৰ কথা আওকান কৰি অসাংবিধানিকভাবে কেওট সম্প্রদায়ক অনুসূচিত জাতিত অন্তর্ভূক্ত কৰিবলৈ লোৱা জাতি ধ্বংসী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সংবিধানৰ আর্টিকল ৩৪১ নং অনুসৰি কেওট সকলক অনুসূচিত জাতিত অন্তভূক্ত কৰিব নোৱাৰিব বুলি স্পষ্টভাৱে উনুকিয়াই দিয়ে।
ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ অতি প্রাচীন জনগোষ্ঠী কৈৱৰ্ত্ত জনগোষ্ঠী লোকসকলক অতি শীঘ্ৰে উন্নয়ন পৰিষদ গঠন কৰা, অসমৰ কৈৱৰ্ত্ত জনগোষ্ঠী লোকসকলক অতিশীঘ্ৰে ভূমি পট্টা প্ৰদান কৰা, অসমৰ কৈৱৰ্ত্ত জনগোষ্ঠী লোকসকলক উচ্চ শিক্ষা গ্রহণৰ বাবে ৫% শৈক্ষিক কোটা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত কৈৱৰ্ত্ত ভৱন আৰু সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰ নিমাৰ্ণৰ কৰা, কৈৱৰ্ত্ত জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ পৰা এক কোটি টকা ৰাজ সাহাৰ্য্য প্ৰদান কৰা।
অসমৰ প্ৰতিখন জিলাত থকা মীন মহল, মাছৰ বজাৰ সমূহ কৈৱৰ্ত্ত লোকসকলৰ বাবে সংৰক্ষিত কৰা, কৈৱৰ্ত্ত জনগোষ্ঠীৰ পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ কৰা, কৈৱৰ্ত্ত জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল সমূহত শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিয়োগৰ বাবে চৰকাৰী উদ্যোগ গঢ়ি তোলাৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্রহণ কৰা, অসম বিধান সভাত অসমীয়া ভাষী কৈৱৰ্ত্ত জনগোষ্ঠীৰ জনসংখ্যাৰ প্ৰতি লক্ষ্যৰাখি বিধানসভাৰ আসন কৈৱৰ্ত্ত জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰক আৰু লোকসভাৰ এখন আসন অসমীয়া ভাষী কৈবর্ত লোকসকলৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত সংৰক্ষিত কৰা, উজনি অসমত কমেও তিনিটা সমষ্টি খিলঞ্জীয়া অনুসূচিত জাতি কৈবর্ত সকলৰ বাবে সংৰক্ষিত কৰা, অৰুণাচল প্রদেশত স্থায়ীভাবে বসবাস কৰা কৈবর্ত জনগোষ্ঠী লোকসকলক অসম চৰকাৰে অতি শীঘ্রে পি আৰ চি দিয়াৰ ব্যৱস্থা গ্রহণ কৰা, অসমৰ প্ৰতিখন জিলাৰ সদৰত মহাবীৰ মহাৰাজ পৃথুৰ একোটাকৈ প্রতিমূর্তি নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰা আদি দাবীসমূহক লৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।