...

মেঘালয়ৰ টপচেম চিমেণ্ট কোম্পানীৰ আবাসত অঘটন

Spread the love

মেঘালয়ৰ টপচেম চিমেণ্ট কোম্পানীৰ আবাসত অঘটন

কাছাৰৰ পৰিয়ালৰ তিনিজন সদস্যৰ কৰুণ মৃত্যু

 

শিলচৰ:

মেঘালয়ৰ টপচেম চিমেণ্ট কোম্পানীৰ আবাসিক এলেকাত কাছাৰৰ বৰইতলি গাঁৱৰ এটি পৰিয়ালৰ তিনিজন সদস্যৰ কৰুণ মৃত্যুৰ ঘটনাত চাঞ্চল্য বিয়পিছে।ৰিপা দাস (২৪) আৰু তেওঁৰ দুগৰাকী কন্যা অৰ্পিতা দাস (৫) আৰু পঞ্চমী দাস (৬ মাহ) নামৰ এটা পৰিয়ালৰ তিনি গৰাকীৰ মৃত্যু হয়।
জানিব পৰা অনুসৰি
দেওবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কৰ্মস্থলীলৈ যোৱাৰ পিছত সন্ধিয়া স্বামী অৰ্পন দাস উভতি আহি পত্নী ৰিপাক ওলমি থকা অৱস্থাত আৰু দুগৰাকী কন্যাক মৃত অৱস্থাত উদ্ধাৰ কৰে।
যদিও প্ৰথম অৱস্থাত ৰিপাৰ মৃত্যু আত্মহত্যাৰ দৰে দেখা গৈছিল, তথাপিও শিশু দুটাৰ মৃত্যুক কেন্দ্ৰ কৰি এক ৰহস্যৰ সৃষ্টি হৈছে।ইফালে দেওবাৰে নিশা মৃতকৰ পিতৃ ৰতন দাসে জোঁৱাই অৰ্পন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কয় যে তেওঁৰ কন্যাক দীৰ্ঘদিন ধৰি স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। মৃত্যুৰ কেইঘণ্টামান আগতে ৰিপাই স্বামীৰ অত্যাচাৰত বিৰক্ত হোৱা বুলি ফোনত দেউতাকক জনাইছিল আৰু তেওঁক দেউতাকৰ ওচৰলৈ নিবলৈ অনুৰোধ কৰিছিল।
এই ঘটনাৰ পিছত সমগ্ৰ বৰিতলী গাঁও আৰু কাটিগড়া অঞ্চলত শোকৰ ছাঁ নামি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *