...

আঘোণ মাহৰ সোণোৱালী পথাৰত

Spread the love

আঘোণ মাহৰ সোণোৱালী পথাৰত
অসংখ্য হাতীৰ জাক

নগাঁও,

আঘোণ মাহৰ সোণোৱালী পথাৰত জাকে জাকে দাৱনিৰ সলনি দেখা গৈছে অসংখ্য হাতীৰ জাক। এতিয়া পথাৰৰ লখিমী ভড়ালত সযতনৰে ৰখাৰ সময়। এনে সময়ত নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ কামপুৰ-কঠিয়াতলী অঞ্চলৰ কৃষকৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে। উল্লেখ্য যে কামপুৰ-কঠীয়াতলীত চলিছে বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ বন্যহস্তীৰ জাক।প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা হৰিছে কৃষকৰ।বহুতো কৃষকৰ খেতি এতিয়াও কেঁচা হৈ আছে। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে নগাঁৱৰ কৃষক ৰাইজক। তদুপৰি নগাঁৱৰ কঠীয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কামপুৰ,কঠীয়াতলীৰ লগতে তেলিয়াআটি,টুবুকী,মহগড়,পশ্চিম কাৱৈমাৰী,তেতেলীসৰা,বেঙেনাআটি, মাহনীআটি,বৰকলা আদি অঞ্চলৰ কৃষিভূমি সমূহত বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে। এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। দুদিন পূৰ্বে নগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাঙলুমুখৰ নৈপামত এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা আহত অৱস্থাত চিকিৎসাধীন হৈ আছে । প্ৰাণিধানযোগ্য যে গজৰাজৰ আগমণৰ বাবেই ৰাইজে কেঁচা অৱস্থাতেই ধান কাটিব লগা অৱস্থা হৈছে। বন বিভাগে অতি সোনকালে এক সু-ব্যৱস্থা কৰি কৃষক ৰাইজক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজৰ অনুৰোধ জনাইছে । বিগত ৭-৮ বছৰে বন্যহস্তীৰ এই সমস্যাই অঞ্চলটোৰ ৰাইজ ভুক্তভোগী হৈ আহিছে যদিও ইয়াৰ স্থায়ী সমাধান বিভাগীয় কৰ্তৃপক্ষই নোলোৱাৰ অভিযোগো উত্থাপিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *