ব্ৰস্ত নগৰী শুৱালকুছিত মঙ্গলবাৰৰ দিনা উপস্হিত হয় জাপানৰ চুকুবা বিশ্ববিদ্যালয়ৰ ৯ গৰাকী ছাত্ৰ ছাত্ৰী আৰু গুৱাহাটী আই আই টি ৰ ৯ গৰাকী ছাত্ৰ ছাত্ৰী।এই ১৮ জনীয়া ছাত্ৰছাত্ৰীৰ দলটিয়ে শুৱালকুছিত উপস্থিত হৈ শুৱালকুছিৰ জীৱন্ত মুগাশিল্প পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৷ দলটিয়ে মুগালেটা কি দৰে উৎপন্ন হয় আৰু লেটাৰ পৰা সুতা কিদৰে প্ৰস্তুত কৰা হয় তাক প্ৰত্যক্ষ কৰাৰ লগতে মুগাৰ কাপোৰ উৎপাদন হোৱা কাৰ্যয়ো নিচ চকুৰে দেখা পায় আপ্লুত হয় ৷ তেওঁলোকে মুগাশিল্পৰ জনপ্ৰিয়তাৰ কথায়ো উল্লেখ কৰে ৷ ইয়াৰ পিছত দলটিয়ে শুৱালকুছি চিকিৎসা বিজ্ঞানী ডা°বিকুল দাসে এই অঞ্চলৰ কৰ্কট ৰোগী সকলক কিদৰে চিকিৎসা সেৱা আগবঢ়াইছে তাৰ বিষয়েও বিশিষ্ট চিকিৎসক গৰাকীৰ লগত বাৰ্তালাপ কৰে আৰু কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতিৰ বুজ লয় ৷ পিছত দলটিয়ে শুৱালকুছিৰ ঐতিহাসিক শ্ৰীশ্ৰীঈশ্বৰ হাটীসত্ৰত প্ৰৱেশ কৰি গুৰুজনাৰ কৃস্টি সংস্কৃতিৰ সন্দৰ্ভত কিছু আভাস লয় ৷ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তই শংকৰী কলা সংস্কৃতিৰ বিষয়ে দলটিক অৱগত কৰে আৰু শুৱালকুছিৰ মুগাশিল্প সন্দৰ্ভতো কিছু মন্তব্য প্ৰকাশ কৰে ৷ চিকিৎসা বিজ্ঞানী ডা°বিকুল দাসে শুৱালকুছিৰ মুগাশিল্পৰ লগতে পাটশিল্পৰ বিষয়েও দলটিক কিছু আভাষ দিয়ে ৷ দলটিয়ে শুৱালকুছিৰ বস্ৰশিল্প বিশ্বৰ ভিতৰতে বিৰল বুলি মতামত ব্যক্ত কৰে।পিছত দলটি গুৱাহাটী আই আই টিলৈ উভতি যায় ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.