ইমান টকাৰ মোহ! তাকো আই এচ বিষয়া !
১০লাখ টকাৰ উৎকোচৰ সৈতে ধৰা পৰিল IAS বিষয়া ধিমান চাকমা
২০২১চনত ইউ পি এছ চিৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈছিল ধিমান চাকমা।
এন আই টি আগৰতলাৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ধিমান চাকমা
ইমান টকাৰ মোহ! তাকো আই এচ বিষয়া ! ১০লাখ টকাৰ উৎকোচৰ সৈতে ধৰা পৰিল IAS বিষয়া ধিমান চাকমা।
প্ৰাপ্ত তথ্য অনুসৰি, এক বিশেষ প্ৰকল্পৰ অনুমোদনৰ বাবে ২০লাখ টকা দাবী কৰিছিল আই এ এছ বিষয়াগৰাকীয়ে। প্ৰথম কিস্তিত ১০লাখ, আৰু দ্বিতীয় কিস্তিত ১০লাখ টকা দিয়াৰ বাবে সন্মতি দিছিল ব্যৱসায়ীগৰাকীয়ে। প্ৰথম কিস্তিৰ ধন ১০লাখ টকা লোৱাৰ সময়তে হাতে-লুটে ধৰা পৰিল ধিমান চাকমা।