...

গুৱাহাটীত হাইড্ৰ’ ইনফৰ্মেটিক্স চেণ্টাৰ

Spread the love

গুৱাহাটীত হাইড্ৰ’ ইনফৰ্মেটিক্স চেণ্টাৰ

 

জল তথ্যবিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন গুৱাহাটীত জলসম্পদ উদ্ভাৱন হাব উদ্বোধন
জীৱন, জীৱিকা, ভূমি আৰু সম্পদ সুৰক্ষিত কৰাত সহায় কৰিব:পিযুষ হাজৰিকা

 

গুৱাহাটী:

বান আৰু নদীৰ খহনীয়াৰ বিৰুদ্ধে ৰাজ্যখনৰ এক শক্তিশালী পদক্ষেপৰ অংশ হিচাপে শুকুৰবাৰে ৰাজ্যৰ মন্ত্ৰী পিযুষ হাজৰিকাই ভূমি পূজন কৰাৰ লগতে বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত, জল তথ্যবিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গুৱাহাটীত জলসম্পদ উদ্ভাৱন হাব উদ্বোধন কৰে।
অসম জলসম্পদ বিভাগে গ্ৰহণ কৰা এই পদক্ষেপে জলবিজ্ঞান, জিআইএছ, ৰিম’ট চেন্সিং আৰু ডাটা বিজ্ঞানৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি ৰাজ্যৰ বান ব্যৱস্থাপনা আৰু নদীৰ আন্তঃগাঁথনি নিৰীক্ষণৰ আধুনিক সমাধান প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।
মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা বিধ্বংসী বানপানী আৰু গৰাখহনীয়াৰ সৈতে অসমে দীৰ্ঘদিন ধৰি যুঁজি আহিছে। অনুষ্ঠানত ভাষণ দি হাজৰিকাই কয় যে নতুনকৈ মুকলি কৰা জলসম্পদ উদ্ভাৱন হাবে বাস্তৱ সময়ত বানপানীৰ পূৰ্বাভাস আৰু আন্তঃগাঁথনি নিৰীক্ষণৰ বাবে এক অগ্ৰণী মঞ্চ হিচাপে কাম কৰিব, যিয়ে কৰ্তৃপক্ষক জীৱন, জীৱিকা, ভূমি আৰু সম্পদ সুৰক্ষিত কৰাত সহায় কৰিব।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ২০২৩ চনৰ জুন মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ মন্ত্ৰীসভাই হাইড্ৰ’ ইনফৰ্মেটিক্স ইউনিটৰ অনুমোদন লাভ কৰিছিল আৰু এতিয়া অসমৰ বিজ্ঞানসন্মত বান ব্যৱস্থাপনাৰ সহায়ৰ বাবে ইয়াক পূৰ্ণাংগ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।
বিগত পাঁচ বছৰত বিভাগটোৰ কাম-কাজৰ ওপৰত আলোকপাত কৰি হাজৰিকাই কয় যে স্থায়ী প্ৰচেষ্টা আৰু আধুনিক প্ৰযুক্তি গ্ৰহণে ৰাজ্যখনত বানপানী আৰু গৰাখহনীয়াৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিছে।তেওঁ আঙুলিয়াই দিয়ে যে এসময়ত ৩০০ কোটিৰ পৰা ৪০০ কোটি টকাৰ ভিতৰত থকা বিভাগটোৰ বাৰ্ষিক বাজেট এতিয়া প্ৰায় ৩১০০ কোটি লৈ বৃদ্ধি পাইছে।
বান নিয়ন্ত্ৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভাগীয় অভিযন্তা আৰু বিষয়াসকলক কৃতিত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।তেওঁৰ মতে, এই সময়ছোৱাত প্ৰায় ১০০০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হৈছে।নতুন মথাউৰিত জিঅ’ মেগা টিউবৰ বাধ্যতামূলক ব্যৱহাৰ আৰু বাৰিষাৰ পূৰ্বে ফিল্ড ডিভিজনলৈ পৰ্কপাইন আৰু জিঅ’বেগৰ দৰে জৰুৰীকালীন সামগ্ৰী আগতীয়াকৈ যোগান ধৰাৰ দৰে ব্যৱস্থাও তেওঁ আলোকপাত কৰে।বানপানীৰ জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰি দিব পৰাকৈ প্ৰতিটো বিভাগক ৫০ লাখ টকাৰ পুঁজিও প্ৰদান কৰা হৈছে।
হাজৰিকাই কয়, ‘এই পদক্ষেপসমূহে বানপানীৰ সময়ত বিভাগটোৱে দ্ৰুত সঁহাৰি জনোৱা আৰু খহনীয়াৰ ফলত হোৱা ক্ষতি কম কৰাটো সম্ভৱ কৰি তুলিছে।বিভাগটোৰ অভিযন্তা আৰু কৰ্মচাৰীসকলৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে এসময়ত ৰাজ্যৰ সৰ্বাধিক বানপীড়িত অঞ্চলৰ ভিতৰত থকা মৰিগাঁও, ধেমাজি, মাজুলী আদি জিলাত বান নিয়ন্ত্ৰণৰ প্ৰচেষ্টাই দৃশ্যমান ফলাফল দিবলৈ আৰম্ভ কৰিছে। উন্নত সুৰক্ষা ব্যৱস্থাৰ লগে লগে এই অঞ্চলসমূহৰ কৃষকসকলে ক্ৰমান্বয়ে কৃষি কৰ্মলৈ ঘূৰি আহিছে।হাজৰিকাই লগতে কয় যে মথাউৰি ভঙাৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। আনকি ভাঙিলেও এতিয়া ২০ৰ পৰা ২৫ দিনৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব পৰা যাব। মন্ত্ৰীগৰাকীয়ে আগন্তুক পাঁচ বছৰত জিঅ’ মেগা টিউবৰ সহায়ত পুৰণি মথাউৰিসমূহ শক্তিশালী আৰু মেৰামতিৰ কামক অগ্ৰাধিকাৰ দিবলৈ বিভাগটোক আহ্বান জনায় আৰু বিষয়াসকলক জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়।
এই কাৰ্যসূচীত জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব ছায়েদ্দিন আব্বাছি, অসমৰ বান আৰু নদীৰ খহনীয়া ব্যৱস্থাপনা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন বি, বিভাগটোৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়া আৰু অভিযন্তা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *