অসুস্থ স্বামীৰ মৃত্যু
তিনিঘণ্টাৰ পাছত কৰুণ মৃত্যুক সাবটি ল’লে পত্নীয়ে
এৰি থৈ গল একমাত্ৰ পুত্ৰ সন্তান
নগাঁও:
কামপুৰত স্বামীৰ মৃত্যুৰ তিনিঘণ্টাৰ পাছতেই মৃত্যু হয় পত্নীৰ।স্বাভাবিকতেই এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।কামপুৰৰ হালোৱা ভকতগাঁৱৰ সমীপৰ নতুন আদৰ্শ গাঁৱত সংঘটিত হৈছে উক্ত হৃদয়বিদাৰক ঘটনা।জানিব পৰা মতে স্বামী ৰবীন্দ্ৰ শইকীয়া দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত মৃত্যু হোৱাৰ তিনি ঘণ্টাৰ পাছতেই কৰুণ মৃত্যুক সাবটি লয় পত্নী বন্তি শইকীয়াই।বম্তি শইকীয়াও কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছিল।স্বামীৰ মৃত্যুৰ শোক সহিব নোৱাৰি শোকত ম্ৰিয়মান হোৱা পত্নীৰো মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।মৃত্যুৰ সময়ত শইকীয়া দম্পতীয়ে একমাত্ৰ ২২ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায়।
