সুৰীয়া শিল্পী সমাজ আৰু ডিব্ৰুগড় আর্ট প্লেয়ার্চ চচাইটিৰ প্ৰয়াস
ডিব্ৰুগড়ত ‘ফাগুনৰ গীত মাতৰ গধূলি’ শীর্ষক মনোজ্ঞ অনুষ্ঠান
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ এটি সাংস্কৃতিক গোষ্ঠী সুৰীয়া শিল্পী সমাজ আৰু ডিব্ৰুগড় আৰ্ট প্লেয়াছ চ’ছাইটি’ৰ উদ্যোগত যোৱা ১৬ মাৰ্চৰ সন্ধিয়া “ফাগুনৰ গীত মাতৰ গধূলি” শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান সুকলমে হৈ যায় । ফাগুনৰ
মিঠা গীতৰ এই অনুষ্ঠানটো প্ৰথিতযশা সঙ্গীতজ্ঞ ৰাজ্যিক শিল্পী বঁটাপ্ৰাপ্তৰ লগতে বহুতো সন্মানেৰে বিভূষিত প্ৰশান্ত বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে চমুকৈ দুআষাৰ কৈ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে । শিল্পী বঁটাপ্ৰাপক যশস্বী সুৰকা ৰ গায়ক ৰাজেন গোহাঁই আৰু সুৰেশ হাতীমূৰীয়াইও একাষাৰ বক্তব্য ৰাখে ।”মন দোলে ফাগুনৰে বা”ত শীৰ্ষক প্ৰশান্ত বৰদলৈৰ কথা আৰু সুৰাৰোপিত সমবেত সংগীত পৰিবেশন কৰে ডিব্ৰুগড় আৰ্ট প্লেয়াছ চ’ছাইটি’ আৰু সুৰীয়া শিল্পী সমাজৰ শিল্পী সকলে । ফাগুনৰ গীত মাতৰ গধূলি “ত ভাগ লোৱা শিল্পী সকল আছিল যথাক্ৰমে নিলিমা বৰদলৈ, ৰুপনন্দা দত্ত,লাকী চাংকাকতি,
কবিতা শৰ্মা,মেঘালী শৰ্মা অনাতাঁৰ শিল্পী স্মৃতিৰেখা বৰদলৈ,পিংকী শৰ্মা, বনিতা চক্ৰৱৰ্তী,ৰিতামণি দাস শইকীয়া, মল্লিকা দাস, ৰিতুপৰ্ণা চাংকাকতি,শিখা বৰঠাকুৰ,জেনিভা শৰ্মা বৰদলৈ,পৰিস্মিতা বৰুৱা, অঞ্জু শৰ্মা,ৰূপ বৰুৱা, ৰশ্মিৰেখা কাকতি, চন্দনা শৰ্মা, ৰঞ্জন হাজৰিকা,কুমুদ দাস,ননী বৰকটকী , মৃদুল দাস আদিয়ে । অনুষ্ঠানটিৰ মাজতে চন্দনা শৰ্মাৰ ভায়লিন বাদন আৰু মনোজ কুমাৰ বৰুৱাই স্বনামধন্য সুগন্ধি কবি হীৰেন ভট্টাচাৰ্যৰ ফাগুনৰ এটা কবিতা আবৃত্তি কৰে । ফাগুনৰ গীত মাতেৰে জীপাল কৰি তোলা বৰষুণ মুখৰ সেইদিনাৰ মিঠা গধূলি অনুষ্ঠানটি আঁত ধৰে সাংস্কৃতিক কৰ্মী সুৰীয়া শিল্পী সমাজৰ সভাপতি মনোজ কুমাৰ বৰুৱা আৰু অনাতাঁৰ গায়িকা স্মৃতিৰেখা বৰদলৈয়ে । অনুষ্ঠানত বাদ্য সঙ্গতকাৰী সকল আছিল দেৱজিৎ গগৈ, বিনন্দ কাকতি মুকুন্দ গগৈ, অসীম
দুৱৰা,পৰাঙ্গধৰ ৰাজখোৱা আৰু জিতু বৰঠাকুৰ । ডাৱৰীয়া বতৰতো যথেষ্ট সংখ্যক দশকে উপভোগ কৰা সেইদিনাৰ অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো ধুপ বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰা হয়।