...

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ অধিৱেশনৰ অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা

Spread the love

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ অধিৱেশনৰ অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা

জনগোষ্ঠীয় সমন্বয়স্থলীত পৰিণত নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ

সঙ্ঘৰ ধৰ্মধ্বজা উত্তোলন
লাখ লাখ:ভকত-বৈষ্ণৱ,আই-মাতৃৰ সমাগম

চাইন অন ডেস্ক:

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰত শোণিতপুৰ জিলা শাখাৰ আতিথ্যত ৬ ফেব্ৰুৱাৰীৰপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনা অধিৱেশনস্থলীত নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সঙ্ঘৰ ধৰ্মধ্বজা উত্তোলন কৰে সঙ্ঘৰ মূল পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই । অনুষ্ঠানত সঙ্ঘৰ কেন্দ্ৰীয় বিষয়ববীয়া, আঞ্চলিকৰ বিষয়ববীয়া, আমন্ত্ৰিত গণ্য-মান্য ব্যক্তি , কেন্দ্ৰীয় সেৱাবাহিনীৰ বিষয়ববীয়া ,লাখ লাখ ভকত-বৈষ্ণৱ, আই-মাতৃ , শুভাকাংক্ষী, গুণমুগ্ধ উপস্থিত থাকে । জয় গুৰু শংকৰ ধ্বনি, হৰিনামৰ ধ্বনি, লোকবাদ্যৰ ধ্বনিৰে মুখৰিত হৈ পৰে অধিৱেশনস্থলী । ধৰ্মধ্বজা উত্তোলনৰ পিছতে অধিৱেশনস্থলীৰপৰা হাজাৰ হাজাৰ বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণেৰে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰাত সঙ্ঘৰ বিভিন্ন জিলা,শাখা, আঞ্চলিকৰ বিষয়ববীয়া, বাপ-বান্ধৱ, আই-মাতৃসকলৰ লগতে অসমীয়া, বড়ো, নিছি, চাহ জনগোষ্ঠী, মিচিং ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ লোককৃষ্টিৰ দলসমূহে নিজ নিজ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নিজ নিজ লোককলা পৰিৱেশন কৰি শোভাযাত্ৰাক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে । শোভাযাত্ৰাত ভালেসংখ্যক অংশগ্ৰহণকাৰীয়ে অসমীয়া ভাওনাকে আদি কৰি লোককৃষ্টি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *