...

মাত্ৰ এক নম্বৰ ! বঞ্চিত হল তৃতীয় স্থানৰ পৰা!

Spread the love

মাত্ৰ এক নম্বৰ ! বঞ্চিত হল তৃতীয় স্থানৰ পৰা!

 

ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ কৃতী ছাত্ৰী বৰিষ্ঠা

চাইন অন ডেস্ক:

স্ব-গৰিমাৰে উজ্বলি থকা উজনি অসমৰ শৈক্ষিক প্ৰতিষ্ঠান ডিব্ৰুগড় ছ’ল্ট ব্ৰুক স্কুলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ সফলতা লাভ কৰিছে। শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৯৮ গৰাকী পৰীক্ষাৰ্থীৰ ৯৮ জনেই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰে ৪৩ জন পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন, ৩৫ জনে ষ্টাৰ মাৰ্কচ আৰু ২০ জন প্ৰথম বিভাগত উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গণিত বিষয়ত -৭জন, ঐচ্ছিক গণিত- ৮ জন আৰু হিন্দী বিষয়ত- ৫ জন পৰীক্ষাৰ্থীয়ে ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া বিষয়ত মুঠ ৩৭ গৰাক, হিন্দী বিষয়ত ৭ গৰাকী, কম্পিউটাৰ বিজ্ঞান বিষয়ত ২২ গৰাকী, ঐচ্ছিক গণিত বিষয়ত ৩৯ গৰাকী, ইংৰাজী বিষয়ত ৭৭, বিজ্ঞান বিষয়ত ৭৮, গণিত বিষয়ত ৮৪ আৰু সমাজ বিজ্ঞান বিষয়ত ৬২ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে।
ছ’ল্ট ব্ৰুক স্কুলৰ বৰিষ্ঠা চাংমায়ে সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।কুমাৰণীচিগা হীৰা নগৰৰ নিবাসী তথা ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন চাংমাই আৰু শিক্ষয়ত্ৰী মীনাক্ষী গোহাঁই দ্বিতীয় কন্যা বৰিষ্ঠাৰ সাফল্যত অঞ্চলটোত আনন্দ জোৱাৰ উঠিছে।বৰিষ্ঠাই গণিত বিষয়ত ১০০ ঐচ্ছিক গণিত ১০০ সমাজ বিজ্ঞানত ৯৮ বিজ্ঞান ৯৮
ইংৰাজীত ৯৫, অসমীয়াত ৯৬
ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ পৰিকল্পনা থকা বৰিষ্ঠাই ডিব্ৰুগড় আৰ কে কণিষ্ঠ মহাবিদ্যালয়ত ইতিমধ্যে নামভৰ্তি কৰিছে। আনহাতে শিক্ষানুষ্ঠান খনৰ
গীতাৰ্থ ভূঞাই ৫৭৯ নম্বৰ, অস্মিতা দাস ৫৭৬ নম্বৰ, ৰাজবীৰ ৰৌচনে ৫৭৩ নম্বৰ, চৈফী ৱাকাৰ আহমেদে ৫৭৩ নম্বৰ, চাওলিনা বৰুৱাই ৫৭১ নম্বৰ লাভ কৰি শৈক্ষিক প্ৰতিষ্ঠানখনৰ গৌৰৱ অক্ষুন্ন ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *