...

ধুবুৰীত হিন্দু সন্মিলনৰ আয়োজন

Spread the love

ধুবুৰীত হিন্দু সন্মিলনৰ আয়োজন

*ধুবুৰী:*

হিন্দু সন্মিলন উদযাপন সমিতিৰ উদ্যোগত আজি ধুবুৰী চহৰৰ মাজমজিয়াৰ তেতুলতলাত এখনি হিন্দু সন্মিলন অনুষ্ঠিত হয়। আয়তন সকলৰ নাম-কীৰ্তনৰে আৰম্ভ হোৱা সেই সন্মিলনখনৰ প্ৰাৰম্ভত ভাৰত মাতা পূজন আৰু সমবেত সংগীত পৰিৱেশিত হোৱাৰ পিছত মূল কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। সন্মিলন খনত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থকা মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধবদেৱ মহন্তই ‘হিন্দুত্ব’ শীৰ্ষক বিষয়ৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে। আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰবীন্দ্ৰ সিনহাই নিজৰ বক্তব্যত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ এশ বছৰীয়া যাত্ৰাৰ ওপৰত ৰখা বক্তব্যই উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। সন্মিলন খনত এগৰাকী আমন্ত্ৰিত অতিথি ৰূপে ধুবুৰীৰ বিশিষ্ট অধিবক্তা সুশ্ৰী প্ৰভা জৈনও বক্তব্য প্ৰদান কৰে। অন্তত হিন্দু সন্মিলনৰ সম্পাদক বিশ্বজিৎ বনিকৰ শলাগৰ শৰাইৰ পিছত বন্দে মাতৰম গীত পৰিবেশনৰ পিছত আজিৰ সেই সন্মিলনখনৰ সমাপ্তি ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *