...

চাৰিদুৱাৰত জন আৰ্শীবাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Spread the love

চাৰিদুৱাৰত জন আৰ্শীবাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

 

নিশা বাৰ বজাতো জনসমুদ্ৰত পৰিণত চাৰিদুৱাৰ

বালিপৰা:

শোণিতপুৰৰ ৬৯ নদুৱাৰ বিধানসভা সমষ্টিত জন আৰ্শীবাদ যাত্ৰা কৰি যোৱা নিশা উপস্থিত হয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বালিপৰা চেন্টাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তিনি হাজাৰ যুৱকে উলিওৱা বিশাল মটৰ চাইকেল ৰেলীৰে চাৰিদুৱাৰ বনদুৱাৰৰ ৰংগমঞ্চ প্ৰাংগণলৈ আদৰি অনা হয় । নিশা বাৰ বজাতো মুখ্যমন্ত্ৰীগৰাকীক কাষত পাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰাত চাৰিদুৱাৰ অঞ্চল জনসমুদ্ৰৰ পৰিণত হয় । মুখ্যমন্ত্ৰীগৰাকীক নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চাৰিদুৱাৰৰ বুধবৰীয়া বজাৰ দলঙৰ সমীপৰপৰা সাংস্কৃতিক দলৰ সমন্বিত এক পদযাত্ৰা কৰি মূল মঞ্চলৈ আদৰি নিয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয় কয় যে নিশাৰ জনসমুদ্ৰ কেৱল নদুৱাৰ সমষ্টিতহে সম্ভৱ । আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ এখন সুস্থ , সৱল, প্ৰগতিশীল, সুৰক্ষিত অসম নিৰ্মাণৰ বাবে বিজপিক আৰ্শীবাদ কৰক ।
অনুষ্ঠানত সমষ্টিৰ বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপৰি দিলীপ শইকীয়া, সাংসদ কামাখ্য প্ৰসাদ তাছা, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাৰ লগতে ভালেমান দলীয় কাৰ্যকৰ্তা, বিষয়ববীয়া , সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *