...

হিমাচলত ২ ভাতৃৰ সৈতে বিবাহপাশত ১ গৰাকী মহিলা

Spread the love

 

 

হিমাচলত ২ ভাতৃৰ সৈতে বিবাহপাশত ১ গৰাকী মহিলা

 

বিৰল পৰম্পৰা জীয়াই ৰাখিবলৈ এনে ব্যৱস্থা

 

চাইন অন ডেস্ক:

সভ্যতাই চুড়ান্ত শীৰ্ষত আৰোহণ কৰিলেও কিন্ত আমি আমাৰ সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতিক আওকাণ কৰিব পৰা নাই।সেয়া লাগিলে, আধুনিক যুগৰ পৰিপন্থীয়েই নহওক কিয় ? বিবাহপাশত আবদ্ধ হোৱা বুলিলে- এগৰাকী পুৰুষৰ লগত এগৰাকী যুৱতী বা মহিলাকেই বুজা যায়।কিন্তু এই ভাৰতৰ হিমাচলত সংঘটিত হৈছে এক বিৰল ঘটনা।

ৰাজ্যখনৰ হাট্টি জনগোষ্ঠীৰ যুগ যুগ ধৰি চলি অহা বহুবিবাহৰ পৰম্পৰাৰ লগত খাপ খুৱাই হিমাচল প্ৰদেশত এগৰাকী কইনাই দুজন দৰাক বিয়া কৰালে।

সমাজৰ বহুতেই এই আওপুৰণি পৰম্পৰাক আওকাণ কৰি আগবাঢ়িছে যদিও এওঁলোকে ইয়াক সম্পূৰ্ণ হৃদয়েৰে আকোৱালি লৈছিল আৰু যুগ্মজীৱনৰ পাতনি মেলে।

মহিলাগৰাকীয়ে হিমাচলৰ শিল্লাই গাঁৱত দুজন ভাতৃৰ সৈতে এক অনুষ্ঠানত বিয়া হৈছিল যিটো অন্যথা যিকোনো নিয়মীয়া বিয়াৰ দৰেই দেখা গৈছিল।যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান তিনিদিন ধৰি চলিছিল। উদযাপনমূলক স্থানীয় লোকগীত আৰু নৃত্যৰ মাজত আৰু শ শ অতিথিৰ সৈতে তিনিওজনে বিবাহপাশত আবদ্ধ হয় বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।

কইনা সুনীতা হিমাচলৰ কুঁহাট গাঁৱৰ আৰু দৰা – প্ৰদীপ আৰু কপিল – ৰাজ্যখনৰ শিল্লাই গাঁৱৰ। তিনিওজনেই হাট্টি জনগোষ্ঠীৰ অন্তৰ্গত, য’ত পৰম্পৰাগতভাৱে এনে বিবাহ সাধাৰণ আৰু গ্ৰহণযোগ্য হৈ আহিছে।

সুনীতাৰ মতে এই পৰম্পৰাৰ বিষয়ে তেওঁ অৱগত আছিল আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈয়ে দুয়ো ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। তিনিওজনে এটা ভাল বন্ধনৰ সৃষ্টি কৰিছে, যিটোক তাই সন্মান কৰে বুলিও কয় ছানীয়ে।

ভাতৃ দুজনৰ ভিতৰত ডাঙৰ প্ৰদীপে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ বিপৰীতে কপিলে বহিঃৰাজ্যত কাম কৰে।

প্ৰদীপে কয় যে তেওঁলোকে নিজৰ পৰম্পৰাক লৈ গৌৰৱান্বিত হৈ একেলগে এনে সিদ্ধান্ত লৈছিল। তেওঁৰ উদ্ধৃতিৰে পিটিআইয়ে কয়, ‘আমি পৰম্পৰাক ৰাজহুৱাভাৱে অনুসৰণ কৰিছিলো কাৰণ আমি ইয়াক লৈ গৌৰৱান্বিত আৰু ই এক যৌথ সিদ্ধান্ত আছিল।

কপিলে কয় যে তেওঁ ভাৰতত নাথাকিলেও তেওঁ আৰু তেওঁৰ ভাতৃয়ে “এটা সংযুক্ত পৰিয়াল হিচাপে আমাৰ পত্নীৰ প্ৰতি সমৰ্থন, স্থিতিশীলতা আৰু প্ৰেম নিশ্চিত কৰিছে”।

তেওঁ লগতে কয় যে আমি সদায় স্বচ্ছতাত বিশ্বাস কৰি আহিছো।

অনুষ্ঠানটোৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে দৰা এজনে কইনাক মঞ্চত আদৰণি জনোৱাৰ বাবে হাত আগবঢ়াইছে।

স্বাভাৱিকতেই এনে বিবাহে উক্ত গাঁৱত এক উৎসৱমুখৰ পৰিৱেশৰ স্বৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *