কেদাৰনাথ অভিমুখী হেলিকপ্টাৰ দুৰ্ঘটনা
দুৰ্ঘটনাত নিহত ৭
উত্তৰাখণ্ড :
দেশত যেন কালিকা লাগিছে ! কিছু দিনৰ পূৰ্বে হৈছিল হেলিকপ্টাৰৰ আকস্মিক অৱতৰণ।তাকো কেদাৰনাথলৈ যোৱা ৰাজপথত।সৌভাগ্যক্ৰমে কোনো লোকৰ প্ৰাণ হানি নহল।তাৰ পিছত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰোতেই ইতিহাসৰ সবাতোকৈ বিমান দুৰ্ঘটনা।আজি পুনৰ উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে।গুপ্তকাশীৰ পৰা কেদাৰনাথ ধামলৈ গৈ থকা অৱস্থাত গৌৰীকুণ্ড-সৌনপ্ৰয়াগৰ জংঘলত দুৰ্ঘটনাত পতিত হয় আৰ্যন এভিয়েশ্বন কোম্পানীৰ এখন হেলিকপ্টাৰ।হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ প্ৰাণ হেৰুৱাই বুলি জানিব পৰা গৈছে।খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰীৰ দল।ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়েও।
পুৱা প্ৰায় ৫:১৭ বজাত আৰ্যন এভিয়েশ্বন কোম্পানীৰ হেলিকপ্টাৰখনে গুপ্তকাশী হেলীপেডৰ পৰা ভক্তসকলক লৈ কেদাৰনাথ অভিমুখে গৈ আছিল।হেলিকপ্টাৰখনত আছিল পাইলটসহ মুঠ ৭ গৰাকী যাত্ৰী।কিন্তু বতৰ বেয়া হোৱাৰ বাবে হেলিকপ্টাৰখনে আন এক স্থানত জৰুৰীভাৱে অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যদিও প্ৰতিকুল বতৰ সৈতে মোকাবিলা কৰিব নোৱাৰি দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ।
এই ঘটনাত শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে তেওঁ সামাজিক মাধ্যম X ত লিখে,”ৰুদ্ৰপ্ৰয়াগত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনা হৈছে বুলি এখ অত্যন্ত দুখজনক খবৰ লাভ কৰিছো। SDRF, স্থানীয় প্ৰশাসন তথা অন্য উদ্ধাৰকাৰী দলসমূহে ইতিমধ্যে উদ্ধাৰ কাৰ্যত নামি পৰিছে।সকলো যাত্ৰীকে কুশলে ৰাখিবলৈ বাবা কেদাৰনাথক প্ৰাৰ্থনা জনাইছো।”
হেলিকপ্টাৰত থকা লোকৰ নাম
শ্ৰদ্ধা ৰাজকুমাৰ জয়ছৱাল (৩৫ বছৰ), মহাৰাষ্ট্ৰ
কাশী (২৫ বছৰ), মহাৰাষ্ট্ৰ
ৰাজকুমাৰ সুৰেশ জয়ছৱাল (৪১ বছৰ), গুজৰাট
বিক্ৰম বি কে টি চি কেদাৰনাথ উত্তৰাখণ্ড
বিনুদ দেৱী (৬৬ বছৰ), উত্তৰ প্ৰদেশ
তুস্তি সিং (১৯ বছৰ), উত্তৰ প্ৰদেশ
কেপ্টেইন ৰাজবীৰ সিং চৌহান (পাইলট)