...

ডিব্ৰুগড় বিমানবন্দৰত ব্যাপক ধূলিৰ ধুমুহা,দৃশ্যমানতা হ্ৰাস!

Spread the love

ডিব্ৰুগড় বিমানবন্দৰত ব্যাপক ধূলিৰ ধুমুহা,দৃশ্যমানতা হ্ৰাস!

১৪৪ গৰাকী যাত্ৰীসহ ইণ্ডিগোৰ বিমান ইম্ফললৈ উভতিল

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত আজি প্ৰবল ধূলিৰ ধুমুহাৰ ফলত দৃশ্যমানতা বিপজ্জনকভাৱে হ্ৰাস পাই।যাৰ ফলত ডিব্ৰুগড়লৈ ১৪৪ গৰাকী যাত্ৰী কঢ়িয়াই অনা ইণ্ডিগোৰ এখন বিমান ইম্ফললৈ ডাইভাৰ্ট কৰা হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমানখনৰ কৰ্মচাৰীসকলে তৎক্ষণাত বিমানখন নিকটৱৰ্তী বিকল্প বিমানবন্দৰলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।জানিব পৰা অনুসৰি আহমেদাবাদৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড় অভিমুখী ৬ই-৬৪৫৭ বিমানখনে পুৱা ১০.২০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু পুৱা ১১.১৫ বজাত ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু বিমানখন গন্তব্যস্থানৰ ঠিক কাষ চপাৰ সময়তে এক প্ৰবল ধূলিৰ ধুমুহাই বিমানবন্দৰৰ আকাশমাৰ্গত দৃশ্যমানতা যথেষ্ট হ্ৰাস কৰে, যাৰ ফলত অৱতৰণৰ বাবে প্ৰয়োজনীয় নূন্যতম সুৰক্ষা সীমাৰ বহুত তললৈ পৰিস্থিতি গুচি যায়।বিমানবন্দৰৰ স্থলীত সৃষ্টি হোৱা এনে বিপদসংকুল পৰিস্থিতিৰ বাবে কোনো ধৰণৰ নেতিবাচক সিদ্ধান্ত নলৈ বিমানৰ চালক তথা ক্ৰ মেম্বাৰ সকলে মণিপুৰৰ ইম্ফলস্থিত বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বিমানখন ডাইভাৰ্ট কৰাৰ সিদ্ধান্ত লয়, কিয়নো সেই সময়ত সুৰক্ষিত অৱতৰণৰ বাবে সেয়াই আছিল নিকটতম বিমানবন্দৰ।
ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক বংগজিৎ সাহাই সমগ্ৰ ঘটনাটো নিশ্চিত কৰি কয় যে বিমানৰ কৰ্মচাৰীসকলে প্ৰতিষ্ঠিত বিমান সুৰক্ষা নীতি অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে।
তেওঁ কয়, “আমাৰ যাত্ৰীসকলৰ সুৰক্ষা আৰু বিমান পৰিচালনাৰ অখণ্ডতাই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সেই সময়ত ডিব্ৰুগড় বিমানবন্দৰৰ দৃশ্যমানতাৰ স্তৰ নূন্যতম সুৰক্ষিত প্ৰয়োজনীয়তাতকৈ কম আছিল। নেৰানেপেৰাকৈ দৃশ্যমানতা কম হৈ থকাৰ বাবে কৰ্মচাৰীসকলে ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বিমানখন ডাইভাৰ্ট কৰাৰ সিদ্ধান্ত লয়।”
এই ডাইভাৰ্ট বা সিদ্ধান্তৰ ফলত যাত্ৰীসকলৰ কিছু অসুবিধা হ’লেও, বিমানখনত থকা ১৪৪ গৰাকী লোকৰে সুৰক্ষা নিশ্চিত হয়। ডিব্ৰুগড়ৰ পৰিস্থিতি বিমানবন্দৰ কৰ্তৃপক্ষই নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ সময়ছোৱাত বিমানখন ইম্ফলতে আছিল। লাহে লাহে ধূলিৰ ধুমুহা কমি যোৱাৰ পিছত আৰু দৃশ্যমানতা সন্তোষজনক স্তৰলৈ উন্নত হোৱাত বিমানখনক পুনৰ উভতি অহাৰ অনুমতি দিয়া হয়।শেষত ৬ই-৬৪৫৭ বিমানখন ডিব্ৰুগড়লৈ উভতি আহে আৰু নিৰ্ধাৰিত সময়তকৈ প্ৰায় দুঘণ্টা পলমকৈ দুপৰীয়া ১.২০ বজাত সুৰক্ষিতভাৱে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *