অসম চৰকাৰৰ অভিলাসী আঁচনি “শুশ্ৰুষা সেতু”ৰ অধীনত নগাঁৱৰ বঢ়মপুৰত স্বাস্থ্য শিবিৰ
নগাঁও– অসম চৰকাৰৰ অভিলাসী আঁচনি “শুশ্ৰুষা সেতু”ৰ অধীনত ৰাজ্যজুৰি অনুষ্ঠিত বৃহৎ স্বাস্থ্য শিবিৰৰ অংশস্বৰূপে আজি নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ দ্বিতীয়টো বৃহৎ স্বাস্থ্য শিবিৰ সফলভাৱে অনুষ্ঠিত কৰা হয়। বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা স্বাস্থ্য শিবিৰত মুঠ ২৪৫৩ গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে প্ৰায় ১৩৬ গৰাকী ১৮ বছৰ তলৰ শিশু,কিশোৰ-কিশোৰীক পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ
সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক,ম’বাইল লেবৰেটৰী,জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’ পি ডি,আয়ুষ আৰু কেঞ্চাৰ অ’ পি ডি স্থাপন কৰাৰ লগতে ম’বাইল মেডিকেল ইউনিট,এন. চি. ডি. আদিৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰি স্বাস্থ্যজনিত বিভিন্ন আঁচনিসমূহৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে দৃশ্য শ্ৰব্য মাধ্যমেৰে প্ৰদৰ্শন কৰা হয়। কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ,সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী,কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰ,নগাঁও জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, কঠিয়াতলি খণ্ড প্রাথমিক চিকিৎসালয়ৰ ডাঃ ৰমেন বেজবৰুৱা, কামপুৰ পৌৰসভাৰ সভাপতি ধৰিত্ৰী বৰুৱা,কামপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া কামপুৰ পৌৰসভা,প্ৰীতিস্মিতা ভূঞা,সমাজকৰ্মী বাবুল বৰা,ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়া,কামপুৰ খণ্ড আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়া,প্রমুখ্য কৰি বিভিন্ন বিভাগৰ
চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসকসকল,স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰী,স্বাস্থ্যকর্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
ঋতু পৰ্ণ শৰ্মা