এক ঐতিসাহিক ৰায়,ভাৰতৰ সব্বোৰ্চ ন্যায়লয়ৰ
গাজিয়াবাদৰ হৰিশ ৰাণা নামৰ ৩২ বছৰীয়া যুৱকক ইচ্ছামৃত্যুৰ অনুমতি
ন্যায় প্ৰদান কৰি উচুপি উঠিল ন্যায়াধীশ!
নিৰ্দেশৰ পিচতে দায়িত্ব গ্রহণ এইমছৰ চিকিৎসকৰ
নতুন দিল্লী:
এক ঐতিসাহিক ৰায়,ভাৰতৰ সব্বোৰ্চ ন্যায়লয়ৰ।

দেখা যায়। প্রণিধানযোগ্য যে ২০১৩ চনৰ ২০ আগষ্টত ৰক্ষাবন্ধনৰ নিশা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ হৰিশ ৰাণা তেওঁ থকা পি জিটোৰ চতুৰ্থ মহলাৰ পৰা বাগৰি পৰিছিল। মূৰত গুৰুতৰ আঘাত পোৱাৰ ফলত তেওঁৰ শৰীৰৰ এশ শতাংশই পক্ষাঘাতগ্রস্ত হৈ পৰিছিল। হৰিশ সুস্থ হৈ উঠিব বুলি আশা কৰি বিগত ১৩ বছৰে পিতৃয়ে নিজৰ ঘৰ-মাটি বেচি চিকিৎসা কৰি আহিছিল। কিন্তু সকলো প্রচেষ্টা ব্যর্থ হোৱাত পিতৃয়ে ইচ্ছামৃত্যুৰ আবেদন কৰিছিল সর্বোচ্চ ন্যায়ালয়ত। অৱশেষত ঐতিহাসিক ৰায়যোগে হৰিশ ৰাণাৰ ইচ্ছামৃত্যুত সন্মতি প্রকাশ কৰে বিচাৰপীঠখনে। এই নির্দেশ লাভৰ পিচতে গাজিয়াবাদত থকা হৰিশ ৰাণাৰ বাসগৃহত উপস্থিত হয় দিল্লী এইমছৰ চিকিৎসকৰ এটা দল। তেওঁলোকে নিজৰ নিৰীক্ষণত হৰিশ বাণাৰ ইচ্ছামৃত্যু কাৰ্যকৰী কৰিব।
