অসমৰ পৰা ২৫৬৯ গৰাকী হজযাত্ৰী পৱিত্ৰ মক্কা- মদিনালৈ
১৮ এপ্ৰিলৰ পৰা হব ৰাওনা
ডিব্ৰুগড়ৰ পৰা ৪৭ গৰাকী হজযাত্ৰী
চাইন অন ডেস্ক:
প্ৰতি বছৰৰ দৰে এইবছৰো চৌদি আৰৱৰ মক্কা-মদিনালৈ হজব্রত কৰাৰ উদ্দেশ্যে অসমৰ হজযাত্ৰী সকল গুৱাহাটীৰ পৰা ৰাওনা হব অহা ১৮ এপ্ৰিলৰ পৰা। গুৱাহাটীৰ পৰা পোনে পোনে চৌদি আৰৱৰ মদিনালৈ ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমানেৰে ৰাওনা হ’ব। যাত্ৰী সকলে ১৮ এপ্ৰিলৰ পৰা মদিনালৈ যাব। প্ৰথম দিনাখন ৩২৪ জন, একে তাৰিখতে ৩২৪ জন, ১৯ এপ্ৰিলত যাব ৩২৪ জন, ২০ এপ্ৰিলত ৩২৪ জন আৰু শেষৰ দিনাখন ২১ এপ্ৰিলত যাব ২১৫ জন। মুঠ পাঁচ দিনত গুৱহাটীৰ পৰা যাব ২,৫৬৯ জন হজযাত্ৰী।ডিব্ৰুগড় জিলাৰ 
২০২৬ চনত পৱিত্ৰ হজব্ৰত সম্পন্ন কৰিবলৈ যাব লগীয়া অসমৰ তালিকাখন হৈছে (১) ডিব্ৰুগড়ৰ পৰা ৪৭ গৰাকী তাৰে ২৮ পুৰুষ ১৯ মহিলা (২)বজালীৰ- ৪ (৩) বাক্সা-০, (৪) বৰপেটা-৮৫, (৫) বিশ্বনাথ-১১ ,(৬) বঙাইগাঁও- ২২ ,(৭) কাছাৰ-৪৭৮ (৮), চৰাইদেউ -৫ (৯) চিৰাং-৮ (১০)দৰং- ১২১ (১১)ধেমাজি-o (১২) ধুবুৰী- ১০৯(১৩) গোৱালপাৰা- ৮১ (১৪) গোলাঘাট- ২৭ (১৫) গুৱাহাটী- ২৮ (১৬) হাইলাকান্দি- ২৩৩ (১৭) হোজাই- ৬৪ (১৮) যোৰহাট-৩৪ (১৯) কামৰূপ-৯৯ (২০) কামৰূপ মেট্ৰো-১৭৯ (২১) কৰিমগঞ্জ-৪১৫ (২২) কোকৰাঝাৰ-১৭ (২৩) লক্ষীমপুৰ-৩৭ (২৪) মৰিগাঁও-৭৮ (২৫) নগাঁও-১৭২ (২৬) নলবাৰী-২৮ (২৭) শিৱসাগৰ- ৭৬(২৮) শোণিতপুৰ-১০ (২৯) দক্ষিণ শালমাৰা-৪২ (৩০) তামুলপুৰ -৪ (৩১) তিনিচুকীয়া -৩৫ (৩২) ওদালগুৰি-১২ গৰাকী। (৩৩) ডিব্ৰুগড় -৪৭ আৰু (৩৪) ডিমা হাছাওৰ পৰা -২ জন।সৰ্বমুঠ =২,৫৬৯ গৰাকী হজযাত্ৰী। ইয়াৰে পুৰুষ-১,৭৬৩ গৰাকী আৰু মহিলা-৮০৬ গৰাকী হজযাত্ৰী বুলি কেন্দ্ৰীয় হজ কমিটিৰ অধ্যক্ষ আলহজ নেকিবুজ জামানে জানিবলৈ দিয়ে।
২০২৫ চনত ডিব্ৰুগড়ৰ পৰা হজযাত্ৰী গৈছিল মুঠ ২৭ গৰাকী । ডিব্ৰুগড়ত চৰকাৰীভাৱে ছিটা প্ৰদান কৰিব ১২ ফেব্ৰুৱাৰীত জন বেৰী হোৱাইট চেমিনাৰ হলত।
অসম হজ কমিটিৰ অধ্যক্ষ জামানে আৰু জানিবলৈও দিয়ে যে এই বছৰ চৰকাৰী ভাৱে হজযাত্ৰী সকলৰ লগত মক্কা মদিনালৈ পৰিদৰ্শক বা সহায়ক হিচাপে যাব মুঠ ১৬ (ষোল্ল) গৰাকী। হজযাত্ৰী সকল ৪৬ দিন মক্কা
উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত এইবছৰ প্ৰথম বাৰৰ বাবে ৯( ন) ফেব্ৰুৱাৰীত মেডিকেল স্ক্ৰিনিং টেষ্ট ডিব্ৰুগড় কৰোৱা হয়,আৰু তেঁওলোকে ডিব্ৰুগড় ঈদগাহৰ পৰিৱৰ্তে নাহৰকটীয়া দিয়াৰ ব্যবস্থা কৰে। ডিব্ৰুগড় জিলাৰ 
এইবাৰ অসমৰ হাজীক প্ৰশিক্ষণ দিয়াৰ বাবে আঠ গৰাকী হাজীয়ে মুম্বাইৰ পৰা প্ৰশিক্ষণ লৈ আহে। ডিব্ৰুগড়ত আলহজ শেখ মহম্মদ ছাম্মিৰুল হকে প্ৰশিক্ষণ দিব।