চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ
ডিব্ৰুগড় জিলাৰ ২, ৯২, ৬১৪ পৰিয়ালৰ ৯,২৬,১৯২ হিতাধিকাৰী উপকৃত হব
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি নিজ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জনাই যে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা নতুন পদক্ষেপৰ ফলত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নিৰ্দিষ্ট সুলভ মূল্যৰ দোকানৰ পৰা মচুৰ দাইল , চেনী আৰু
নিমখ ক্ৰয় কৰিবলৈ সুবিধা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ নৱেম্বৰত পুৱা ১০ বজাত উক্ত কাৰ্য্যসূচী শুভ উদ্বোধন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নতুনকৈ সংযোজিত কৰা সামগ্ৰীসমূহ ৰেচন কাৰ্ড দোকানৰ এজেণ্টৰ জৰিয়তে সুলভ মূল্যত ক্ৰয় কৰিবলৈ
সুবিধা কৰি দিয়া হব। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে সকলো হিতাধিকাৰীকে নিজ নিজ আঞ্চলৰ নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানত এই অনুষ্ঠানটিত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই আঁচনি জৰিয়তে ডিব্ৰুগড় জিলাৰ ২, ৯২, ৬১৪ পৰিয়ালৰ ৯,২৬,১৯২ হিতাধিকাৰী উপকৃত হব কিন্তু আৰম্ভনিতে এই নৱেম্বৰ মাহত অহা ১০ নৱেম্বৰ পৰা ১৯ নবেম্বৰলৈ এই সামীসমুহ জিলাখনৰ ১৫৩৪ টা সুলভ মুলৰ দোকানত উপলব্ধ হ’ব । গুৱাহাটী পৰা মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় ভাৱে শুভ উদ্বোধন কৰিব লগা এই অনুষ্ঠান ডিব্ৰুগড় জিলাৰ ১৫৩৪ টা সুলভ মূলৰ দাকানত হিতািধকাৰীসকল আৰু আমিত অতিথৰ উপস্থিতত দৰদশৰ/you tube/Facebook live যােগে পোনপতীয়া সম্প্ৰচাৰ (live telecast link :- hps://youtube.com/live/2Zg3OZRQtBM?feature=share ) কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসনে সলােৰ সহায় সহেযািগতা আন্তৰিক ভাবে কামনা কৰিছে।