...

নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত বাৰ্ষিক সপ্তাহ আৰম্ভ

Spread the love

নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত বাৰ্ষিক সপ্তাহ আৰম্ভ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি (মংগলবাৰ)ৰ পৰা অহা ৭ ফেব্ৰুৱাৰীলৈ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহখনি উলহ-মালহেৰে আৰম্ভ হৈছে। এই উপলক্ষে পুৱা ১০ বজাত অধ্যক্ষ ড° মৃগাংক শইকীয়াই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে পাঁচদিনীয়া কাৰ্যসূচীৰ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে আৰম্ভ কৰা ভাষণত ড° শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত খেল-ধূলা আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ প্রয়োজনীয়তাৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। লগতে এনেধৰণৰ বাৰ্ষিক সপ্তাহ সমাৰোহে ছাত্ৰ-ছাত্ৰীসকলক যি মঞ্চ প্ৰদান কৰে যাৰ জৰিয়তে তেওঁলোকে নিজস্ব প্ৰতিভা প্ৰকাশ কৰাৰ যি সুবিধা লাভ,তাৰ গুৰুত্বৰ বিষয়েও ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰাৰ লগতে অনাগত দিনত ক্ৰীড়া আৰু সাংস্কৃতিক পথাৰখনত তেওঁলোক যাতে উজ্বলি উঠে তাকে কামনা কৰে। ক্ৰীড়া বিভাগৰ শিক্ষক তত্ত্বাৱধায়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ভূপেশ টুমুঙে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষাকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা,কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ অধ্যাপিকা একাদশ বনাম ছাত্ৰী একাদশ,অধ্যাপক একাদশ বনাম ছাত্ৰ একাদশৰ মাজত এখনি আকৰ্ষণীয় ৰচী টনা খেল অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ সক্ৰিয় সহযোগিতাত আয়োজন কৰা উক্ত ৰচী টনা দুয়োখন খেলতেই ছাত্ৰী আৰু ছাত্ৰসকল বিজয়ী হয়। আজিৰ দিনটোত অনুষ্ঠিত হোৱা অন্যান্য খেলসমূহ হৈছে—ছাত্ৰ-ছাত্ৰীৰ লং জাম্প,হাই জাম্প,কেৰম,বেডমিন্টন প্ৰতিযোগিতা আদি। কাৰ্যসূচী অনুসৰি বুধবাৰে মহাবিদ্যালয় প্ৰাংগণৰ পৰা এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব আৰু অহা ৭ ফেব্ৰুৱাৰীত বঁটা বিতৰণী অনুষ্ঠানৰ জৰিয়তে এই সমাৰোহৰ সামৰণি পৰিব বুলি অধ্যক্ষ ড° মৃগাংক শইকীয়াই জানিবলৈ দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *