...

ধুবুৰীৰ গোলকগঞ্জৰ আক্ৰাছুৰ জোঁৰ সমদলত আৰক্ষীৰ লাঠিচালনা

Spread the love

 

 

 

ধুবুৰীৰ গোলকগঞ্জৰ আক্ৰাছুৰ জোঁৰ সমদলত আৰক্ষীৰ লাঠিচালনা

 

 

ঘটনাৰ বুজ লবলৈ ধুবুৰীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
ঘটনা সন্দৰ্ভত গোলকগঞ্জৰ অ’চিক নিলম্বন, গৌৰীপুৰৰ অ’চিৰ ৰিজাৰ্ভ ক্ল’জ
আইজিপিক ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল নিৰ্দেশ

 

 

ধুবুৰী:

জন-জাতিকৰণৰ দাৱীত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ‍্যোগত কালি সন্ধিয়া ধুবুৰী জিলাৰ গোলকগঞ্জত আয়োজিত জোঁৰ সমদলত অংশ লোৱা প্ৰতিবাদকাৰী পুৰুষ-মহিলাৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ ঘটনাক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতেই সমগ্ৰ ঘটনাৰ চৰজমীন তদন্ত কৰিবলৈ কালি মাজনিশা ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

মন্ত্ৰী গৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আৰক্ষীৰ লাঠিচালনাত আহত হৈ চিকিৎসাধীন হৈ থকা সকলৰ বুজ লয়। তেখেতে চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আক্কাছ নেতৃত্বৰ সৈতে এক আলোচনাতো মিলিত হয়।

পিছত, উপস্থিত সাংবাদিকৰে হোৱা কথা-বতৰাত যোৱাকালিৰ সেই ঘটনাটোক অবাঞ্চিত বুলি অভিহিত কৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ঘটনাটোৰ বুজ লবলৈ মাজনিশাই ধুবুৰীত উপস্থিত হোৱা বুলি জনায়।

তেওঁ মুখ্যমন্ত্রী ডঃ শৰ্মাৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰা হোৱাৰ বিপৰীতে গৌৰীপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ ৰিজাৰ্ভ ক্ল’জ কৰা হোৱা বুলি সদৰি কৰে।

আনহাতে, উপস্থিত হোৱাৰ পিছত ধুবুৰী জিলা আৰক্ষীৰ তিনিগৰাকী বিষয়াৰ বিৰূদ্ধে অভিযোগ পোৱাৰ পিছত যোৱাকালিৰ সেই ঘটনাটোৰ সৈতে এই তিনিগৰাকীৰ কিবা যোগ সূত্ৰ আছে নে নাই সেয়া তদন্ত কৰি ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসম আইজিপি গৰাকীক নিৰ্দেশ দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে।

তেওঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যায়ক্ৰমে কাম কৰি থকা বুলিও দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *