...

ঘোঁৰামৰা আৰক্ষীৰ বৰ্ব্বৰতা !

Spread the love

ঘোঁৰামৰা আৰক্ষীৰ বৰ্ব্বৰতা !

যুৱকক পাশবিক অত্যাচাৰ

চিকিৎসা কৰি থৈ গল ঘৰত

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলা লাহোৱাল আৰক্ষী থানৰ অধীনস্থ ঘোঁৰামৰা উপ আৰক্ষী চকী অন্তৰ্গত মেলেঙিয়াল গাওঁৰ এজন সাধাৰণ যুৱকক ঘোঁৰামৰা আৰক্ষীয়ে কালি নিশা খুব বেয়াকৈ মাৰপিত কৰা ঘটনাই আৰক্ষী বৰ্ব্বৰতাক স্থানীয় ৰাইজে স্পষ্টকৈ গৰিহণা দিয়া লগতে এই ঘটনাৰ সৈতে জৰিত আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
চুবুৰীয়া এটা পোহনীয়া কুকুৰে চটভাই ভূমিজ নামৰ ব্যক্তি জনৰ ঘৰলৈ গৈছিল আৰু কুকুৰটোৱে গৃহস্থ ঘৰৰ লোকক আক্ৰমন কৰিবলৈ লোৱাত লাঠি এডালেৰে মাৰি দিওঁতে কুকুৰটো আঘাট পায় আৰু মৰি থাকে।পৰিয়ালৰ লোকে এই সন্দৰ্ভত ঘোঁৰামৰা আৰক্ষীক এজাহৰ দিয়ে আৰু দিনৰ ভাগত ঘৰৰ পৰা আৰক্ষীয়ে চটভাই ভুমিজক থানলৈ লৈ যায় আৰু নিশা এইদৰে বৰ্বৰ্তাৰে মাৰপিট কৰি ঘৰত থৈ যায়।
আৰক্ষী বৰ্বৰ্তাৰ বিষয়ে স্থানীয় লোকে গম পায় স্থানীয় বিধায়ক তথা বিভিন্ন জনক ফটো সমূহ প্ৰেৰণ কৰে আৰু ঘোঁৰামৰা আৰক্ষীয়েও খবৰ লাভ কৰে।এন বৰৰ্বৰৰ্তাৰ কাৰ্য্যক স্থানীয় ৰাইজে ধিক্কাৰ দিয়াত ৰাতিয়ে ঘোঁৰামৰা আৰক্ষী আহি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় আৰু ৰাতি ঘৰত চমজায় থৈ আহে।
স্থানীয় ৰাইজে ঘোঁৰামৰা উপ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি এই ঘটনাৰ সৈতে জৰিত আৰক্ষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। ইতিমধ্যে এই ঘটনাৰ সন্দ্ৰভত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক সামাজিক মাধ্যম যোগে অৱগত কৰিছে আৰু শীঘ্ৰে ইয়াৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *