...

গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি

Spread the love

 

গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি

জাকিৰ হুছেইন ছিকদাৰ, ৰোজলিনা তিৰ্কী, প্ৰদীপ চৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি

 

চাইন অন ডেস্কঃ

সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে এআইচিচিৰ সাধাৰণ সম্পাদক কে.চি. ভেনুগোপালে।

তিনিগৰাকী নতুন কৰ্মৰত সভাপতিৰ নামো ঘোষণা কৰা হৈছে- জাকিৰ হুছেইন ছিকদাৰ, ৰ’জলিনা তিৰ্কী, আৰু প্ৰদীপ সৰকাৰ। এআইচিচিৰ সম্পাদক হিচাপে বৰ্তমানৰ ভূমিকাৰ পৰা অব্যাহতি দিয়া হ’ব তিৰ্কীক।

প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাৰ অৱদানৰ শলাগ লয় এআইচিচিয়ে।

ইয়াৰ উপৰিও এপিচিচিৰ কেইবাখনো মূল সমিতিত নতুনকৈ নিযুক্তি দিয়া হৈছে:

 

প্ৰচাৰ সমিতিঃ ভূপেন কুমাৰ বৰা

সমন্বয় সমিতিঃ দেৱব্ৰত শইকীয়া

ইস্তাহাৰ সমিতিঃ প্ৰদ্যুত বৰদলৈ

প্ৰচাৰ সমিতিঃ ৰকিবুল হুছেইন

এই নিযুক্তিসমূহ তাৎক্ষনিকভাবে কাৰ্যকৰী কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *