গৌৰৱ গগৈৰ পাকিস্তান লিংক !
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক স্থিতি স্পষ্ট কৰাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ
চাইন অন ডেস্কঃ
সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ত অনুষ্ঠিত এক সংবাদমেলত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে স্পষ্টীকৰণ দিব লাগে। অতি গুৰুত্বপূৰ্ণ সাংসদ, লোকসভাৰ উপ-দলপতিৰ বিৰুদ্ধে যেতিয়া স্পৰ্শকাতৰ অভিযোগ উত্থাপন হয়, গৃহ মন্ত্ৰালয়ে গুৰুত্ব দিয়া উচিত। স্পৰ্শকাতৰ বিষয়ক লৈ টনা-আজোৰা কৰিব নালাগে। এইটো ৰাজনৈতিক পাশাখেল নহয়, দেশৰ আভ্যন্তৰীণ, সাৰ্বভৌমত্বৰ নিৰাপত্তাৰ যেতিয়া প্ৰশ্ন থাকিব, তেতিয়া দেশৰ গৃহ মন্ত্ৰালয়, বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টভাৱে নিজৰ দৃষ্টিভংগী দাঙি ধৰিব লাগে। এই বিষয়টোক লৈ তেওঁলোকে প্ৰয়োজনীয় দায়িত্ব পালন কৰিব লাগে। ইফালে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখিব লাগে বুলি উল্লেখ কৰি কয়, এইটো ছিৰিয়াছ অভিযোগ। আজিলৈকে এই বিষয়টোক লৈ গৃহ মন্ত্ৰালয়ে স্পষ্টীকৰণ দিয়া নাই। এই কথাবিলাক কৈ থাকিলে দেশৰ চোৰাংচোৱা সংস্থাক সন্দেহ কৰা হয়। এনেবোৰ বিষয়ক লৈ অসমৰ জনগণকো স্পষ্টভাৱে জনাই দিব লাগে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰা গৌৰৱ গগৈলৈ শুভেচ্ছা জনাইছে লুৰিণজ্যোতি গগৈয়ে। গৌৰৱ গগৈৰ নেতৃত্বত বিজেপি বিৰোধী সামূহিক যুঁজখন দৃঢ় আৰু শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কয়, মিত্ৰতাক লৈ আশাবাদী। বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিৰোধীৰ ভোট বিভাজন নোহোৱাৰ উদ্দেশ্য গৌৰৱ গগৈয়ে যোগাত্মক ভুমিকা গ্ৰহণ কৰিব বুলি আশা কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। শেহতীয়া ৰাজ্য চৰকাৰে বাংলাদেশী বিচাৰি চলোৱা অভিযান সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।লুৰিণজ্যোতি গগৈয়ে। বিদেশী নাগৰিকৰ বিষয় পুনৰ উল্লেখ কৰি গগৈয়ে কয়, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাত তদানীন্তন মুখ্যমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আলোচনা কৰিছিলোঁ। তেতিয়াই আশ্বাস দিছিল, সীমান্ত ছীল, নদী অঞ্চলত সুৰক্ষা আৰু নিৰীক্ষণ, কৃত্ৰিম উপগ্ৰহ আদি সিদ্ধান্ত আছিল। কিন্তু সকলো ফুটুকাৰ ফেন হ’ল। লুৰিণজ্যোতি গগৈয়ে পুনৰ বিদেশী চিনাক্ত আৰু বহিস্কাৰ দাবী কৰি ‘কা’ৰ দৰে আইন বাতিল কৰিবলৈকো দাবী জনাইছে। মিত্ৰতাক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয় যে, মিত্ৰতাক লৈ আলোচনা চলি আছে। কিন্তু আনুষ্ঠানিক ৰূপ দিবলৈ এতিয়াও বাকী আছে। ২৬ৰ নিৰ্বাচনলৈ এতিয়াও দহ মাহ আছে। যিমান পাৰি অতি সোনকালে মিত্ৰতাৰ বিষয়টোক নিষ্পত্তি কৰিব লাগে। অন্যথা সাধাৰণ জনতাৰ মাজত নিৰাশাৰ পৰিৱেশ সৃষ্টি হ’ব।