...

দিনত মানকাচৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ, সন্ধিয়া দিছপুৰত ভাগ ল’লে ৰেলীত

Spread the love

দিনত মানকাচৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ, সন্ধিয়া দিছপুৰত ভাগ ল’লে ৰেলীত

 

আজমল-হিমন্ত ছাছা-মামা, সেয়ে আজমলে অসন্মানজনক কথা কোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰা নাইঃ গৌৰৱ গগৈ
অসম গণ পৰিষদ দল আৰু এআইইউডিএফ দলৰ মাজত এতিয়া আৰু কোনো পাৰ্থক্য নাইঃ গৌৰৱ গগৈ
গৌৰৱ গগৈৰ নেতৃত্বত প্ৰকৃত কংগ্ৰেছ জয়ী হ’ব আৰু হিমন্তৰ নকল কংগ্ৰেছ পৰাস্ত হ’বঃ ভূপেশ ৱাঘেল

গুৱাহাটী : 

নিৰ্বাচনলৈ যিমানেই দিন চমু চাপিছে সিমানেই তুংগত উঠিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ অভিযান। এই অনুযায়ী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হেলিকপ্টাৰযোগে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আজি সভাপতি গৌৰৱ গগৈয়ে দিনৰ ভাগত মানকাচৰ সমষ্টিত আৰু বিয়লিৰ ভাগত দিছপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। মানকাচৰ সমষ্টিৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ হৈ প্ৰচাৰ অভিযান চলাই গৌৰৱ গগৈয়ে কয়, ”হিমন্ত বিশ্ব শৰ্মা আৰু আজমল হৈছে ছাছা-মামা। সেয়ে গুজৰাটৰ কোনো কংগ্ৰেছ নেতাই হিমন্ত বিশ্ব শৰ্মাক লৈ কিবা ক’লে অসম আৰক্ষী গুজৰাটলৈ গৈ কংগ্ৰেছৰ নেতাক গ্ৰেপ্তাৰ কৰে। কিন্তু আজমলে হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্মানজনক কথা ক’লেও তেওঁক আজিলৈকে গ্ৰেপ্তাৰ কৰাতো বাদেই, গোচৰ এটা ৰুজু কৰা নাই। হিমন্ত বিশ্ব শৰ্মা আৰু আজমল এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।’’ গগৈয়ে আৰু কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে যিদৰে বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ৰাজনীতিক বিদায় দিলে, ঠিক সেইদৰে এইবাৰৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক বিদায় দিয়া হ’ব। তেওঁ আৰু কয়, ”হিমন্ত বিশ্ব শৰ্মাই খুব কৌশলৰে ৰাজনীতি কৰে বুলি আপোনালোকে জানে। এই কথাটো মানিব লাগিব যে তেওঁ খুব কৌশলেৰে ৰাজনৈতিকভাৱে আগবাঢ়ি যায়। আগতে যেতিয়া তেওঁ কংগ্ৰেছত আছিল বিভিন্ন মানুহে বিৰোধিতা কৰাৰ পিছতো তৰুণ গগৈদেৱে তেওঁক পুত্ৰ জ্ঞান কৰি মৰম কৰিলে। তেওঁক মন্ত্ৰী পাতিলে। পিছত সেই ৰাজনৈতিক পিতৃ তৰুণ গগৈকে তেওঁ বিশ্বাসঘাটকতা কৰিলে। তাৰ পিছত তেওঁ বিজেপিলৈ গ’ল আৰু বিজেপিতো একে কামকে কৰিলে। বিজেপিত তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল। এগৰাকী আছুৰ নেতা, জনজাতীয় নেতা ২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰী হ’ল। ৫ বছৰ পিছত ২০২১ চনত আকৌ নিৰ্বাচন হ’ল। পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ’ল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ নিজৰ বিশ্বাসঘাটক চৰিত্ৰ উদঙাই সৰ্বানন্দ সোণোৱালক আঁতৰাই মুখ্যমন্ত্ৰীৰ গাদীখন কাঢ়ি ল’লে।’’ অসম গণ পৰিষদ দল সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে। তেওঁ কয় যে এআইইউডিএফ কৰা মূল মূল মানুহবোৰ এতিয়া অসম গণ পৰিষদ দলত সোমাইছে। অসম গণ পৰিষদ আৰু এআইইউডিএফ দলৰ মাজত কোনো পাৰ্থক্য নাই বুলিও স্পষ্ট মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ”হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ এআইইউডিএফ দলৰ নেতাসকলক এতিয়া অসম গণ পৰিষদ দললৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতেই তেওঁলোক অসম গণ পৰিষদলৈ গৈছে। অসম গণ পৰিষদৰ এই ৰূপৰ পৰা আমি সাৱধান হ’ব লাগিব।’’- অসম গণ পৰিষদ দলক ভোট দিয়া মানেই এআইইউডিএফ দলক ভোট দিয়া বুলি উল্লেখ কৰি এইদৰে কয় গগৈয়ে। উপস্থিত ৰাইজক উদ্দেশ্যি গগৈয়ে কংগ্ৰেছ দলে অসমৰ ৰাইজক দিয়া ৫টা গেৰাণ্টী ক্ৰমে জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় প্ৰদান, মহিলাসকলক চৰ্তবিহীনভাৱে মাহিলি ধন প্ৰদান আৰু ব্যৱসায়ৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান, সকলোৰে বাবে ২৫ লাখ টকাৰ স্বাস্থ্য বীমা, জ্যেষ্ঠ নাগৰিকৰ সুকীয়া মন্ত্ৰালয় আৰু ১২৫০টকাকৈ মাহিলি পেন্সন আৰু ১০ লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ গেৰাণ্টীৰ বিষয়ে অৱগত কৰে। আনহাতে, সভাত ভাষণ প্ৰদান কৰি চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ ৱাঘেলে কয়, ”গৌৰৱ গগৈৰ নেতৃত্বত প্ৰকৃত কংগ্ৰেছ এইবাৰ অসমত জয়ী হ’ব আৰু নকল কংগ্ৰেছ পৰাজিত হ’ব৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ নকল কংগ্ৰেছ এইবাৰ হাটাও হ’ব৷ হিমন্তই সকলো ঘনিষ্ঠক ঠগাইছে৷ আজি হিমন্ত বিশ্বৰ বিৰুদ্ধে মানুহে এটাই বুটাম টিপিব, সেইটো হৈছে কংগ্ৰেছৰ বুটাম৷ অসমৰ মানুহক হিমন্তই ৫ বছৰৰ হিচাপ দিব লাগিব৷ অসমত হিমন্তই ৫ বছৰত এটাই কাম কৰিছে, কেৱল চুৰি কৰিছে৷ চুপাৰি, বালি, গৰু, কয়লা চুৰি কৰিছে৷ হিমন্ত চোৰ, হিমন্ত গৰু চোৰ৷’’ ভূপেশ ৱাঘেলে মঞ্চৰ সন্মুখত উপস্থিত ৰাইজক ‘ভোট চোৰ গাদ্দী ছোড়’ শ্ল’গান দিয়ে৷ ইফালে, মানকাচৰৰ প্ৰচাৰ অভিযান সামৰি হেলিকপ্টাৰযোগে গুৱাহাটীলৈ আহি দিছপুৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ আৰু ভূপেশ ৱাঘেল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *