...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ

Spread the love

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ

বিজয় বিষ্ণৈ উচ্চতম ন্যায়ালয়লৈ

 

নতুন দিল্লী:

উচ্চতম ন্যায়ালয়ত খালী হৈ থকা ন্যায়াধীশৰ তিনিটা পদৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ নামত অনুমোদন জনাইছে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত কলেজিয়ামে এই তিনিগৰাকী ন্যায়াধীশৰ নামত সোমবাৰে অনুমোদন জনায় ৷ তেওঁলোক হৈছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি আঞ্জাৰীয়া, ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ চি চান্দুৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ ৷

ইপিনে, বিষ্ণৈক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰাৰ সমান্তৰালকৈ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰূপে মনোনীত কৰিছে আশুতোষ কুমাৰক ৷ আশুতোষ কুমাৰ বৰ্তমান পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আসনত অধিষ্ঠিত হৈ আছে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ গাভাইৰ নেতৃত্বত গঠিত পাঁচজনীয়া কলেজিয়ামে এই অনুমোদন জনোৱাৰ পিছত উক্ত তিনিওগৰাকী ন্যায়মূৰ্তিয়ে ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে খুব সোনকালেই উচ্চতম ন্য়ায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷ স্মৰ্তব্য যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশদ্বয় অভয় এছ অ’কা আৰু হৃষীকেশ ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই এই তিনিখন আসন খালী হৈ আছিল ৷

মন কৰিবলগীয়া যে হৃষিকেশ ৰয়ো আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৷ পৰৱৰ্তী সময়ত তেওঁ কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হয় আৰু পিছলৈ সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন কলেজিয়ামে ৰয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ বাবে অনুমোদন জনায় ৷

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত কোৱা হয়- ” মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পাঁচজনীয়া সমিতিয়ে ২৬ মে’ত ন্যায়াধীশ এন ভি আঞ্জাৰীয়া, বিজয় বিষ্ণৈ আৰু এ এছ চান্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰিছে ৷ ”

আনহাতে উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়েও ৯ জুনত অৱসৰ গ্ৰহণ কৰিব ৷ সেই অনুসৰি উচ্চতম ন্যায়ালয়ত ৩৪ গৰাকী ন্যায়াধীশ থাকিব লাগে যদিও বৰ্তমান ৩১ গৰাকীহে কৰ্মৰত হৈ আছে ৷ উল্লেখ্য, বিজয় বিষ্ণৈয়ে ২০২৪ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হৈছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *