নিশা জব্দ ফটকা ভৰ্তি ট্ৰাক
🎯 পুৱা মুকলাই দিলে গাভৰুপথাৰ আৰক্ষীয়ে
🎯 ডিব্ৰুগড়ত ব্যাপক প্ৰতিক্ৰিয়া
চাইন অন ডেস্ক:
নিশা জব্দ হোৱা দুখনকৈ ফটকাভৰ্তি ট্ৰাক ডিব্ৰুগড় আৰক্ষীয়ে পুৱা মুকলি কৰি দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ বকুলৰ এটা ফটকা গুডামৰ পৰা তেজপুৰলৈ নিয়াৰ চেষ্টা চলোৱাৰ সময়তে গাভৰুপথাৰ আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাক দুখন কালি পুৱাৰ ভাগত মুকলি কৰি দিয়ে। গাভৰুপথাৰ আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে এ এছ ০৬ চিচি ০৮৫৮ আৰু এ এছ ০৩ চিচি ৫৯৭৬।
উল্লেখ্যযোগে ট্ৰাক দুখনত নিষিদ্ধ ফটকা সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছিল। যদিও আৰক্ষীয়ে নিষিদ্ধ ফটকা থকাৰ কথা নস্যাৎ কৰিছে। ইতিমধ্যে কালি পুৱাৰ ভাগতে মুকলি কৰি দিয়াৰ পাছতে তেজপুৰ পালেগৈ ফটকা ভৰ্তি ট্ৰাক দুখন। গোটেই প্ৰক্ৰিয়াটোত সম্প্ৰতি সন্দেহৰ আৱৰ্তত। জনৈক খান নামৰ ব্যক্তিজনৰ আছিল ফটকা ভৰ্তি ট্ৰাক দুখন। এই ট্ৰাক দুখনত তেজপুৰলৈ সৰবৰাহ কৰা ফটকাখিনি বৃহৎ কৰ ফাঁকিৰ অভিযোগ উঠিছে। ট্ৰাক দুখনত প্ৰায় ৮০ শতাংশ জিএছটি ফাঁকিৰ অভিযোগ উত্থাপন হৈছে। নাম মাত্ৰ কেইলাখ টকামান জি এছ টিৰ বিল বনাইয়েই প্ৰায় কোটিৰো অধিক টকাৰ ফটকা বিক্ৰীৰ বাবে তেজপুৰলৈ নিয়াৰ অভিযোগ উঠিছে।
ঘটনা সন্দৰ্ভত সংশ্লিষ্ট আৰক্ষী চকীৰ বিষয়াজনৰ পৰা জানিব খোজাত ট্ৰাক দুখনত থকা ফটকাখিনিৰ সকলো নথিপত্ৰ সঠিক আছে। অৱশ্যে বিষয়টোৰ সন্দৰ্ভত তদন্ত চলাই থকাৰ কথা জানিবলৈ দিছে আৰক্ষী বিষয়াজনে। এতিয়া প্ৰশ্ন হৈছে, তদন্ত চলাই থকাৰ মাজতে জব্দকৃত ফটকাখিনি মুকলাই দিয়া হ’ল কিয়? তদন্তৰ প্ৰতিবেদন আহিবলৈ সময় লাগিব ১৫ দিন। এই সময়ছোৱাত যদি ফটকাখিনি নিষিদ্ধ হয় বা জিএছটি ফাঁকি দি সৰবৰাহ কৰা হৈছিল তেনেহ’লে পুনৰ ফটকাখিনি উভতাই আনিব পৰা যাবনে? আন এক সূত্ৰৰ পৰা জানিব পৰামতে, ফটকাখিনিৰ জিএছটি পুনৰীক্ষণৰ বাবে জিএছটিৰ কোনো বিষয়া উপস্থিত নাছিল। ইফালে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাত কোৱা হৈছে যে, সাম্প্ৰতিক সময়ত কোনোধৰণৰ ফটকা বা বিস্ফোৰক সামগ্ৰী এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিব নোৱাৰিব। তাৰপাছতো কাৰ ছত্ৰছায়াত জব্দ হোৱা বিস্ফোৰক সামগ্ৰীখনি জনৈক খানে আৰক্ষীৰ পৰা উলিয়াই আনি তেজপুৰলৈ সৰবৰাহ কৰিব পাৰিলে,সেয়া আজিৰ তাৰিখত এক লাখ টকীয়া প্ৰশ্ন ?