...

মুক্তি যুঁজাৰু পেঞ্চনাৰ যতীন্দ্ৰনাথ হাজৰিকাৰ পৰলোক

Spread the love

 

 

 

শ্বহীদ লক্ষী হাজৰিকাৰ জেষ্ঠ পুত্ৰ, অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত মুক্তি যুঁজাৰু পেঞ্চনাৰ যতীন্দ্ৰনাথ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সমাপন নগাঁৱৰ অন্তিমগৰাকী মুক্তি যুঁজাৰু পেঞ্চনাৰৰ

নগাঁও, ২৫ নবেম্বৰঃ ‘৪২ৰ তেজে ধোৱা নগাঁও জিলাৰ ঐতিহাসিক বঢ়মপুৰৰ সমীপৱৰ্তী হাজৰিকাচুক নিবাসী শ্বহীদ লক্ষী হাজৰিকাৰ জেষ্ঠ পুত্ৰ,অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত মুক্তি যুঁজাৰু পেঞ্চনাৰ তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি যতীন্দ্ৰনাথ হাজৰিকাৰ বাৰ্দ্ধক্যজনিত কাৰণত নগাঁও চহৰৰৰ জ্যোতিনগৰস্থিত নিজা বাসভৱনত যোৱানিশা পৰলোকপ্ৰাপ্তি হয়৷ সৰবৰহী লোকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মুক্তি যুঁজাৰু সন্মিলনৰ বিষয়ববীয়া সমন্বিতে সদস্যসকল আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা গুণমুগ্ধ সকলে শোক প্ৰকাশ কৰে। নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃষীকেশ বৰুৱাইও এখন ফুলাম গামোচাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে কালি পুৱাৰ ভাগত তেখেতৰ বাসগৃহত অজস্ৰ লোক উপস্থিত হৈ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত নগাঁৱৰ অন্তিম গৰাকী মুক্তি যুঁজাৰু পেঞ্চনাৰৰ আত্মাৰ সদ্গতি কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত নগাঁও-বটদ্ৰৱা সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে বহু গুণমুগ্ধ উপস্থিত থাকে ৷

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত যতীন্দ্ৰনাথ হাজৰিকাক ৰাজ্যিক মৰ্য্যদাৰে কৰা শেষকৃত্য সমাপন অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা প্ৰমুখ্যে আৰক্ষী প্ৰশাসনৰ লোকসকল উপস্থিত থাকি নিয়মানুসাৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ তাৰোপৰি অনুষ্ঠানটিত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা বিষয়ববীয়া আৰু সদস্যসকলে হাজৰিকাক সন্মিলনৰ পতাকা,গামোচা আৰু পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে নগাঁও জিলা মুক্তি যুঁজাৰু ভৱন প্ৰাংগণত এসপ্তাহৰ বাবে পতাকা অৰ্দ্ধনমিত কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা নগাঁও পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়া,নগাঁও সদৰ চক্ৰৰ চক্ৰ বিষয়া হৃষীকেশ বৰুৱা, সমাজকৰ্মী মৃণাল হাজৰিকাকে আদিকে ধৰি বহু লোকে এক শোকাকুল পৰিৱেশত হাজৰিকাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷

ইপিনে, তেখেতৰ মৃত্যুত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগতে কামৰূপ মহানগৰ জিলা সন্মিলনৰ সম্পাদক কমল চন্দ্ৰ লহকৰ,শোণিতপুৰৰ পৰা প্ৰণৱ বৰা,নাজিৰাৰ পৰা প্ৰতুল শৰ্মা, বঙাইগাঁৱৰ পৰা আদিত্য নাথ, অভয়েশ্বৰ শৰ্মা,হোজাইৰ পৰা ননী গোপাল শৰ্মা,বৰাক ভেলীৰ পৰা দেৱাশীষ চৌধুৰী,গোলাঘাটৰ পৰা ৰমেশ চন্দ্ৰ গোস্বামী,তিনিচুকীয়াৰ পৰা বিনয় বৰা প্ৰমুখ্যে জিলা সন্মিলনৰ সভাপতি,সম্পাদক সকলে শোক বাৰ্তা প্ৰেৰণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰে ৷ মৃ্ত্যুৰ সময়ত তেখেতে শয্যাগত পত্নীৰ উপৰি দুগৰাকী পুত্ৰ-বোৱাৰী,দুগৰাকী জী-জোঁৱাই,নাতি-নাতিনীসহ পৰিয়ালৰ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *