বৰবৰুৱাত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন
চাইন অন ডেস্ক:

অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ বৰবৰুৱা শাখাৰ সভানেত্ৰী মীৰা কোঁৱৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতিৰ ভাষণত তেখেতে সাংস্কৃতিক পৰিষদৰ কাম কাজৰ উপৰিও, গণশিল্পী ভূপেন হাজৰিকাৰ অসমীয়া জাতীয় জীৱনলৈ আগবঢ়াই থৈ যোৱা অমূল্য বৰঙণিৰ বিষয়ে চমু বক্তব্য প্ৰদান কৰে।
সভাত সমবেত সকলোৱে ভূপেন হাজৰিকাৰ “মৃত্যু জিনাৰ গান” শীৰ্ষক কবিতাটো সমবেত আবৃত্তি পৰিৱেশন কৰে।