...

দুলীয়াজানত খাদ্যৰ নামত বৰবিহ !

Spread the love

দুলীয়াজানত খাদ্যৰ নামত বৰবিহ !

থানেশ্বৰী বেকাৰিত তৈয়াৰী ব্ৰেডত ওলাল জেঠী

কণমানিয়ে খালে ব্ৰেডৰ মাজত থকা মৰা জেঠী

পালেগৈ চিকিৎসালয়

চাইন অন ডেস্ক:

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা।খাদ্যৰ নামত বৰবিহ। গ্ৰাহকে বেকাৰিৰ পৰা লৈ যোৱা ব্ৰেডৰ মাজত ওলাল মৰা জেঠী। দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত অৱস্থিত থানেশ্বৰী বেকাৰিত তৈয়াৰী ব্ৰেডৰ মাজত ওলাল জেঠীটো।এগৰাকী কণমানিয়ে খালে ব্ৰেডৰ মাজত ওলাল মৰা জেঠীটো ।মৰা জেঠী ওলোৱা ব্ৰেড খায় কণমানি পালেগৈ চিকিৎসালয় ।দুলীয়াজানৰ ১৬ নং তিনিআলিত থকা বিজয় কুমাৰ চেত্ৰী নামৰ ব্যৱসায়ী জনৰ মালিকানাধীন থানেশ্বৰী বেকাৰিত তৈয়াৰী ব্ৰেডত ওলাল জেঠীটো। ভুক্তভোগী গ্ৰাহকে নিশাই হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ক্ষোভিত গ্ৰাহকে বেকাৰি খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো দাবী জনাইছে। উল্লেখ্য যে ৰেষ্টুৰেণ্টৰ নামত FSSAI Licences উলিয়াই বেকাৰি চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। হোটেল খনৰ গৰাকীয়ে নিজৰ ভুলৰ কথা স্বীকাৰ কৰিছ কেমেৰাৰ সন্মুখত। এনেধৰণে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰি খাদ্যৰ নামত বৰবিহ খুৱাই থকা এনেবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ তথা জিলাৰ খাদ্য সুৰক্ষা বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *