Skip to content আৰক্ষীৰ জালত ৫ সন্দেহজনক আইছিছ সদস্য
উৎসৱৰ সময়ত দেশত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা উগ্ৰপন্থীৰ
নতুন দিল্লী:
উৎসৱৰ পৰিৱেশত সন্ত্রাসবাদীয়ে সমগ্ৰ দেশত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় চোৰাংচোৱাৰ সংস্থা আৰু আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ পিছতে দেশজুৰি ব্যাপক তালাচী অভিযান আৰম্ভ হৈছে। ইয়াৰ মাজতে যোৱানিশা দিল্লীত দুজন, মধ্যপ্রদেশ, হায়দৰাবাদ আৰু ৰাঁচীৰ পৰা এজনকৈ সন্ত্রাসবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ তথ্য পোৱা গৈছে। এই পাঁচোজন সদস্যই নিষিদ্ধ উগ্রপন্থী সংগঠন আইছিছৰ সক্রিয় সদস্য বুলি জানিব
পৰা গৈছে।
দীঘলীয়া অনুসন্ধানৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু আইইডি নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ কৰে। ধৃত উগ্ৰপন্থী সদস্যসকলে উৎসৱৰ বতৰত দেশজুৰি ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল নেকি এই লৈ তদন্ত অব্যাহত আছে। সূত্র অনুসৰি ধৃত উগ্ৰপন্থী সদস্যসকলে একাধিক ছ’চিয়েল মিডিয়াৰ একাউন্ট ব্যৱহাৰ কৰিছিল।
আৰক্ষীয়ে সন্দেহ কৰা মতে, তেওঁলোক পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে এই একাউণ্টৰ জৰিয়তে যোগাযোগ অব্যাহত ৰাখিছিল। তেওঁলোকে আনকি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি ভাৰতীয় যুৱক-যুৱতীসকলকো লক্ষ্য কৰি লৈছিল। এটা দিনতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৫জন সন্দেহযুক্ত আইছিছ উগ্রপন্থীক গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে।