নগাঁৱৰ বালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিনা বেতনেৰে পাঁচগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক বিদায় সম্ভাষণ
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
নগাঁও জিলাৰ দক্ষিণপাট আৰু পেটবঢ়াৰ মাজৰ বালিগাঁৱৰ কলং নদীৰ পাৰত বৃহত্তৰ অঞ্চলত জ্ঞানৰ পোহৰ বিলোৱা বালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বিনা বেতনেৰে কৰ্মজীৱনৰ সামৰণি ঘটোৱা পাঁচগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক মংগলবাৰে বিদায় সম্ভাষণ জনোৱা হয়। সেই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সাহিত্যিক মুৰুলী মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাত মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ এইসকল গুৰুৰ পিছতেই শিক্ষকসকলক গুৰু হিচাপে গণ্য কৰা হয়। চৰকাৰে মহান শিক্ষাগুৰুসকলক গুৰুত্ব দিব লাগে ৷ তেওঁলোকৰ দুখবোৰ হৃদয়ঙ্গম কৰিব লাগে ৷ প্ৰাদেশীকৃত হ’বলৈ থকা বিদ্যালয়সমূহক প্ৰাদেশীকৰণ কৰিবলৈ আহ্বান জনাই দাসে ঋক বেদৰ উদ্ধৃতিৰে এহেজাৰজন পুৰোহিততকৈ এজন শিক্ষক শ্ৰেষ্ঠ বুলি উল্লেখ কৰে। শিক্ষকেই সমাজখন, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন উজ্জ্বলাই তোলে বুলি দাসে মন্তব্য কৰে। সভাত আন এজন অতিথি বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবিন শৰ্মাই কয় যে বিদ্যালয়খন প্ৰাদেশীকৃত নে অপ্ৰাদেশীকৃত সেয়া জ্ঞান আহৰণৰ বাটত হেঙাৰ হ’ব নোৱাৰে। ইচ্ছা শক্তি থাকিলে সকলো পৰিবেশতে সফলতা লাভ কৰিব পাৰে। উল্লেখযোগ্য যে বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰেপৰা বিনা বেতনেৰে প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বিদায় লোৱা দিলীপ চন্দ্ৰ বৰা,সহকাৰী শিক্ষয়িত্ৰী ক্ৰয়ে ৰীতা বৈৰাগী মজুমদাৰ,প্ৰতিমা কাকতি,সৰুমাই হাজৰিকা আৰু কাৰ্যালয় সহায়ক ধনী কাকতিক বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল লস্কৰে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ্বৰ বৰদলৈ,প্ৰবক্তা ৰেৱ হাজৰিকা,বালিগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাৰত দাস,সমাজকৰ্মী পৱন কাকতিয়ে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শিখামণি দাসৰ বৰগীতেৰে শুভাৰম্ভণি হোৱা সভাখনিত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰীমা দুৱৰাৰ “ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ বেদনা” বিষয়ক স্ব-ৰচিত কবিতা পাঠে সভাত উপস্থিত ৰাইজক আবেগ বিহ্বল কৰি তোলে। সংগীত শিল্পী দিগন্ত ভাগৱতীয়েও গীত পৰিবেশন কৰে। সভাত দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শৰৎ ভৰালী,ভোলা গোস্বামী,দিগেন চুবেদাৰ, নকুল চুবেদাৰ,ৰমেশ ডেকা,গাঁওপ্ৰধান ধৰ্ম দত্ত, জয়কান্ত দাস,গিৰীশ চন্দ্ৰ দাস, মুকুল কাকতিকে প্ৰমূখ্য কৰি স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে সভাত সমাজকৰ্মী পৱন কাকতিয়ে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ ফলাফল প্ৰদৰ্শন কৰোঁতা শিক্ষাৰ্থীগৰাকীলৈ বিশ হাজাৰ টকা আৰু সমাজকৰ্মী সাধন দাসে প্ৰয়াত মানস দাসৰ স্মৃতিত দুহেজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে । বিদায় সম্বৰ্ধনা জনোৱা শিক্ষক-কৰ্মচাৰীসকলক ফুলাম গামোছা,চেলেং,স্মাৰক, একোখনকৈ গ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ত কৰ্মৰত প্ৰধান শিক্ষকৰ উপৰি অন্য শিক্ষক-শিক্ষয়িত্ৰীসকলোকো একোখন গামোছা আৰু শুভেচ্ছা পত্ৰৰে সন্মান জ্ঞাপন কৰা হয়।অন্যহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অৱসৰী শিক্ষক শিক্ষয়িত্ৰীসকলোক গামোচা, গ্ৰন্থ,কলম আৰু উপহাৰৰ টোপোলাৰে বিদায় সম্ভাষণ জনায়। উল্লেখযোগ্য যে বিদায়ী প্ৰধান শিক্ষক দিলীপ চন্দ্ৰ বৰাই তেওঁ কৰ্ম জীৱনৰ ঘাত-প্ৰতিঘাট সমূহ সুঁৱৰি চকুলো টুকে। আনহাতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেওঁলোকৰ সুদীৰ্ঘ জীৱন বিনা বেতনেৰে শিক্ষাদান কৰি আজি এক বেদনাসিক্ত মনেৰে ওলটিব লগাৰ দৃশ্যটো অতি মৰ্মস্পৰ্শী। ইপিনে বিদ্যালয়খনত পুৱাৰে পৰা উখল-মাখল পৰিবেশৰ সূচনা হোৱাৰ লগতে অৱসৰী শিক্ষককেইগৰাকীক মূলপথৰ পৰা সভাগৃহলৈ ছাত্ৰ-ছাত্ৰীসহিতে ৰাইজে আদৰি আনে। উল্লেখ্য যে ১৯৮৮ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন আজিও প্ৰাদেশীকৃত নোহোৱাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ।