...

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত ডাঙৰ অঘটন

Spread the love

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত ডাঙৰ অঘটন

পাঁচ গৰাকীকৈ মাছমৰীয়াক উদ্ধাৰ

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত ডাঙৰ অঘটন।সৌভাগ্যক্ৰমে ব্ৰহ্মপুত্ৰতৰ সোঁতত উটি যোৱাৰ পৰা ৰক্ষা পৰিল পাঁচ গৰাকীকৈ মাছমৰীয়া।ডিব্ৰুগড় মহানগৰৰ মোহনাঘাটত আজি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ অঘটন।
জানিব পৰা অনুসৰি শান্তিপাৰাৰ মুকিবোৰ ৰহমান(৩৯),গাৰ্ডপাৰাৰ চিয়াজ আলি(৩৬),ৰবিন্দ্ৰ যাদৱ(৪৪),হিৰা পাচোৱান আৰু আমোলাপট্টীৰ অৰুণ বৰ্মনে(৬০) আজি পুৱা প্ৰায় ১০ বজাত মোহনাঘাটৰ পৰা সৰু মাছ মৰা নাওৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰিছিলহে মাত্ৰ।
কিছুদুৰ যোৱাৰ পাছতে সৰু নাওখন ব্ৰহ্মপুত্ৰৰ এক চাকনৈয়াত সোমাই পৰে আৰু বহু যুঁজিও নাওখন ওলিয়াব নোৱাৰাত নাওখন পানীত বুৰ যায়।ফলত নাওত যাত্ৰা কৰা পাঁচজন মাছমৰীয়াও ডুবিবলৈ ধৰে।
এই ঘটনা নিলগৰ পৰা অনান্য লোকে প্ৰত্যক্ষ কৰি আছিল আৰু তেওঁলোকে ডাঙৰ নাও লৈ উদ্ধাৰৰ বাবে আগবাঢ়ি আহে।ঘটনাৰ বিষয়ে এচ ডি আৰ এফক অৱগত কৰা হৈছিল যদিও তাৰ পূবেই স্থানীয় লোকৰ তৎপৰতাত আটাইকেইজনক সুকলমে উদ্ধাৰ কৰা হয়।জানিব পৰা অনুসৰি ইয়াৰে এজন মাছমৰীয়াই নিজেই সাতুৰি পাৰলৈ আহে।
এনে এক অনাকাংক্ষিত ঘটনাই সমগ্ৰ ডিব্ৰুগড়তে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।উল্লেখ্য যে উক্ত স্থানতে পিতৃৰ পিণ্ড দিবলৈ গৈ দুই ভাতৃয়ে জীৱন হেৰুৱাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *