...

নগৰবেৰা ভখুৰাদিয়াত অগ্নিকাণ্ড

Spread the love

 

 

নগৰবেৰা ভখুৰাদিয়াত অগ্নিকাণ্ড

 

ভস্মীভূত দুই ব্যৱসায়িক প্ৰতিষ্ঠান
অগ্নিকাণ্ডত আনুমানিক ১৫ লক্ষাধিক টকাৰ ক্ষতিসাধন

চাইন অন ডেস্ক:

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এক ভয়ানক
অগ্নিকাণ্ড।ভস্মীভূত হয় দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

ভখুৰাদিয়া বুধবৰীয়া বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড ,নিশাৰ ভাগত লগা জুঁইত দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।বজাৰখনৰ ব্যৱসায়ী ছুমৰ মণ্ডলৰ গেলামালৰ দোকান আৰু আমিনুল ইছলাম নামৰ যুৱকজনৰ মোবাইল ফোনৰ দোকান জ্বলি ছাই হয়।

ৰাইজৰ তৎপৰতাত পাছলৈ জুঁই নুমুওৱা হয় আৰু কথমপি ৰক্ষা পৰে বজাৰখনৰ বাকীবোৰ দোকান-সমাৰ।

এই অগ্নিকাণ্ডত আনুমানিক ১৫ লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলতেই জুঁই লগাৰ অনুমান ৰাইজৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *