...

মানকাচৰত ভয়াৱহ অগ্নিকাণ্ড

Spread the love

মানকাচৰত ভয়াৱহ অগ্নিকাণ্ড

চিলিন্ডাৰৰ বিস্ফোৰণত চাহ দোকান ভস্মীভূত

চাইন অন ডেস্ক:

মানকাচৰৰ নিউ মাৰ্কেটত নিশা এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বজাৰখনৰ মাজত থকা জাহিনুৰ নামৰ এজন স্থানীয় ব্যৱসায়ীৰ চাহ দোকানত হঠাতে অগ্নি কাণ্ডল সুত্ৰ পাত।
চাহৰ দোকানত থকা দুটাকৈ গেছ চিলিংডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোত ভয়াৱহ পৰিবেশ সৃষ্টি কৰে। চিলিংডাৰ বিস্ফোৰণৰ ফলত হোৱা এই অগ্নিকাণ্ডত জাহিনুৰৰ চাহ দোকানখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তৎপৰতাৰে জুই নিৰ্বাপনৰ কামত লাগে। অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষিপ্ৰ কাৰ্যব্যৱস্থাৰ বাবেই বজাৰখনৰ অন্যান্য দোকান-পোহাৰসমূহ এক বৃহৎ অগ্নিকাণ্ডৰ গ্ৰাসৰ পৰা ৰক্ষা পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *