ব্ৰাজিলত হ’ট এয়াৰ বেলুনত লাগিল জুই,প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মৃত্যু হ’ল বহু যাত্ৰীৰ ৷
ৰিঅ’ ডি জেনেইৰ’ :
চৰণেহে যানে মৰণৰ ঠাই ! কাৰ মৃত্যু ক’ত,কেতিয়া,কেনেকৈ হব, তাৰ উমান কোনেও নাজানে !
হঠাতে এয়া কি হৈ গ’ল ! কোনেও একো ধৰিবই নোৱাৰিলে।মৃত্যু চকুৰ আগত ৷ চকুৰ সন্মুখতে জ্বলি গ’ল হ’ট এয়াৰ বেলুন (hot-air balloon)। এইবাৰ হ’ট এয়াৰ বেলুনত লাগিল জুই ৷ কেবাজনো পৰ্যটকে মাজ আকাশৰ পৰা প্ৰকৃতিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতেই সংঘটিত হয় এই অঘটনটো ৷
এই ঘটনাটো শনিবাৰে সংঘটিত হয় ব্ৰাজিলৰ দক্ষিণৰ ৰাজ্য চাণ্টা কেটাৰিনাত ৷ লাভ কৰা তথ্য মতে, হ’ট এয়াৰৰ এটা বেলুনত জুই লগাৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে তেৰজন লোক আহত হৈছে ৷
স্থানীয় বাতৰি সংস্থা G1-এ শ্বেয়াৰ কৰা ফুটেজত দেখা গৈছে যে হ’ট এয়াৰ বেলুনটো পুনৰ মাটিলৈ ঘূৰি অহাৰ সময়তে হঠাতে বেলুনটোত জুই লাগে ৷ মুহূৰ্ততে এই জুয়ে সমগ্ৰ বেলুনটো আগুৰি ধৰে ৷ ফলত ভয়ত বিতত হৈ পৰে বেলুনটোত যাত্ৰা কৰা যাত্ৰীসকল ৷
চাণ্টা কেটাৰিনাৰ সামৰিক অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এই ঘটনাৰ ফলত তেৰজন লোক ৰক্ষা পৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ আনহাতে, হ’ট এয়াৰ বেলুনটো চলোৱা পাইলটকে ধৰি মুঠ ২১জন লোক বিমানখনত আছিল ।
এক্সত গৱৰ্ণৰ জৰ্জিনহো মেলোৱে কয়, “আমি দোষ পাইছো ৷ এটা ডাঙৰ ট্ৰেজেডী সংঘটিত হৈছে । কেনেকৈ, কিয় এই ঘটনাটো সংঘটিত হ’ল, সেয়া আমি তদন্ত কৰিম ৷” মেলোৱে কয় যে তেওঁ বিপভাগীয় সকলো কৰ্তৃপক্ষক দুৰ্ঘটনাতত পতিত হোৱা সকলো লোককে উদ্ধাৰ কৰিবলৈ, সহায় কৰিবলৈ, চিকিৎসালয়লৈ নিবলৈ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ৷