...

বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা ছেত্ৰীৰ পিতৃ-মাতৃক গামোচা পিন্ধাই সম্বৰ্ধনা

Spread the love

 

 

বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা ছেত্ৰীৰ পিতৃ-মাতৃক গামোচা পিন্ধাই সম্বৰ্ধনা

 

#কাজিৰঙাৰ‌ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা বোকাখাতৰ উমা ছেত্ৰীৰ পিতৃ-মাতৃ তথা প্ৰশিক্ষকক গামোচা পিন্ধাই অভিনন্দন জনালে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ,স্পিনৰ যাদুকৰ অনিল কুম্বলেই৷ বন্যপ্ৰাণীপ্ৰেমী অনিল কুম্বলে সপত্নীক বিগত তিনিটা দিনে বাহৰ পাতি আছে কাজিৰঙাত৷ জীপ ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী,নৈসৰ্গিক শোভা প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা লোৱাৰ মাজতে বুধবাৰে নিশা কাজিৰঙা ভ্ৰমণৰত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে উমা ছেত্ৰীৰ পিতৃ-মাতৃ তথা প্ৰশিক্ষকৰ সৈতে কাজিৰঙাৰ কঁহৰাৰ মিহিমুখত মত বিনিময় কৰে৷ প্ৰাক্তন ভাৰতীয় স্পিনাৰগৰাকীয়ে নিজ হাতে গামোচা পিন্ধাই উমাৰ পিতৃ-মাতৃক অভিনন্দন জনায়।‌ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ সমীপৱৰ্তী গাঁৱৰ পৰা ওলাই গৈ বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ক্ৰিকেটাৰ উমা ছেত্ৰীৰ পাৰদৰ্শিতাত সন্তোষ প্ৰকাশ কৰি অনিল কুম্বলেই কয় যে ভাল লাগিছে ইয়াৰে ছোৱালী এগৰাকীয়ে ভাৰতৰ হৈ খেলিছে৷ শেহতীয়াকৈ বিশ্বকাপো জয় কৰিছে৷ গতিকে অন্য ছোৱালীসকলেও ক্ৰিকেট খেলিবলৈ অনুপ্ৰেৰণা পাব।‌ কুম্বলেই লগতে কয় যে ইয়াত পিতৃ-মাতৃক লগ পাইছোঁ ৷ তেওঁলোকৰ সৈতে কথা পাতিছোঁ৷ বৰ ভাল লাগিছে৷ উমা ছেত্ৰী আৰু বাকী খেলুৱৈ সকলকো অভিনন্দন জনাইছোঁ ৷ তেওঁলোকে বিশ্বকাপ জয় কৰি আহিছে ৷ এয়া গৌৰবৰ কথা‌৷ এয়া উমাৰ আৰম্ভণিহে,উমা আৰু আগলৈ যাব ৷ আনহাতে,আন এগৰাকী অসম সন্তান তথা ভাৰতীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগ সন্দৰ্ভত কুম্বলেই কয় যে তেওঁ ভাৰতৰ হৈ খেলিছে আৰু ভাৰতৰ হৈ খেলিব ৷ সেয়াও গৌৰৱৰ কথা ৷ অসমৰ পৰাই এজন যুৱক আৰু এগৰাকী যুৱতীয়ে ভাৰতৰ হৈ খেলিছে, এয়া ভাললগা কথা,গৌৰৱৰ কথা ৷ ৰিয়ান আৰু উমাৰ পাৰদৰ্শিতা অসমৰ আন খেলুৱৈৰ বাবে অনুপ্ৰেৰণাদায়ক বুলিও তেওঁ মন্তব্য কৰে। ইতিমধ্যে,বুধবাৰলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিটাকৈ ছাফাৰী কৰাৰ কথা প্ৰকাশ কৰি ৰসিকতাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়,”গঁড় দেখিছোঁ,বাঘহে পলাই গৈছে ৷”
আনহাতে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত হৈ পৰা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আগন্তুক ক্ৰিকেট মেচৰ কমেণ্ট্ৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ফটোসহ প্ৰচাৰ কৰিব বুলিও প্ৰকাশ কৰে ৷ প্ৰাক্তন ক্ৰিকেটাৰ অনিল কুম্বলেৰ সাক্ষাৎ লাভ কৰি উৎফুল্লিত হৈ উমা ছেত্ৰীৰ মাতৃয়ে কয়,”আগতে টিভিত তেখেতৰ খেল চাইছিলোঁ ৷ এতিয়া কাষতে পাইছোঁ ৷ বৰ ভাল লাগিছে ।” কুম্বলেই উমাৰ প্ৰতি আশীৰ্বাদ যঁচা আৰু শুভকামনা জনোৱা বুলি জানিব দি উমাৰ মাতৃয়ে কয়,”উমাক ভালকৈ খেলিবলৈ দিবলৈও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে ৷” আনহাতে, বুধবাৰে নিশা মিহিমুখত বোকাখাত ক্ৰীড়া সন্থাৰ লগতে বিভিন্নজনে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক সম্ভাষণ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *